দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী আজি কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে

0 7,777,804

কিন্তু এতিয়া কেজৰিৱালৰ মুক্তিৰ ক্ষেত্ৰত লাগিছে কেণা। কাৰণ কেজৰিৱালৰ জামিনৰ বিৰোধিতা কৰি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ইডি। উচ্চ ন্যায়ালয়ে শুনানি সম্পূৰ্ণ হোৱালৈ অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ জাৰি কৰিছে। বৰ্তমান তিহাৰ জে’লত বন্দী হৈ আছে কেজৰিৱাল। আম আদমি পাৰ্টীৰ মুৰব্বীগৰাকীক ৰাউছ এভিনিউ ক’ৰ্টে সকাহ প্ৰদান কৰিছিল। সেয়ে আজিৰ দিনটো কেজৰিৱালৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আপৰ সাংসদ সঞ্জয় সিঙে এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, ‘মোদী চৰকাৰৰ গুণ্ডাগিৰি চাওক, এতিয়া ট্ৰায়েল ক’ৰ্টৰ আদেশেই অহা নাই, আদেশৰ কপিও পোৱা নাই, তেন্তে ইডিয়ে হাইক’ৰ্টত কি আদেশক প্ৰত্যাহ্বান জনাবলৈ গৈছে? কি হৈ আছে দেশত? ন্যায় ব্যৱস্থাৰ ল’ৰাধেমালি দেশে চাই আছে।’

Leave A Reply

Your email address will not be published.