ইউ এছ টি এমত দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

0 7,840


ন মাইল, খানাপাৰা, ৰি ভয়, ২১ জুন, ২০২৪: দেশৰ তথা বিশ্বৰ বহু প্ৰান্তৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় (ইউ এছ টি এম) য়েও আজি দশম আন্তৰ্জাতিক যোগ দিৱস অতি উৎসাহেৰে উদযাপন কৰে। সুস্থ মনৰে সুস্বাস্থ্যৰ প্ৰসাৰৰ লক্ষ্যৰে শতাধিক ছাত্ৰ-ছাত্ৰী, অধ্যাপক, চিকিৎসক, নাৰ্ছ, বিষয়া, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। ইউ এছ টি এমৰ বিভিন্ন বিভাগ, আই এ আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় (আই এ এ এম চি), আৰু আগন্তুক পি এ চাংমা আন্তৰ্জাতিক চিকিৎসা মহাবিদ্যালয় (পি আই এম চি)ৰ উদ্যোগত ইউ এছ টি এম চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠান।
এইবাৰৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৪ৰ বাবে নিৰ্বাচিত বিষয়বস্তু হৈছে “আত্ম আৰু সমাজৰ বাবে যোগ” যিয়ে আত্ম আৰু সামগ্ৰিকভাৱে সমাজৰ মংগল বৃদ্ধিৰ ক্ষেত্ৰত যোগৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজ্জ্বল কৰি তুলিছে।
ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই পুৱা ৭:৩০ বজাত আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰি উদযাপনৰ শুভাৰম্ভ কৰে। তেওঁৰ সৈতে যোগদান কৰে ইউ এছ টি এমৰ উপদেষ্টা ড০ আৰ কে শৰ্মা; আই এ এ এম চিৰ উপদেষ্টা ড০ অনিল কুমাৰ শৰ্মা; আই এ এ এম চিৰ অধ্যক্ষ ড০ আৰ কে শৰ্মা; পিআইএমচিৰ অধ্যক্ষ ড০ বিৰাজ কুমাৰ দাস আৰু অন্যান্য। যোগ প্ৰশিক্ষকৰ নিৰ্দেশনা অনুসৰি সকলোৱে বিভিন্ন আসন সম্পন্ন কৰিছিল।
আনহাতে, আজি চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত পিআইএমচিৰ চিকিৎসক আৰু কৰ্মচাৰীয়ে বিশ্ব যোগ দিৱস উদযাপন কৰিছে। ইয়াত আনুষ্ঠানিক বন্তি প্ৰজ্বলন কৰে ইউ এছ টি এমৰ আচাৰ্য শ্ৰী মহবুবুল হকে, ইউ এছ টি এমৰ সহ উপাচাৰ্য্য পদ্মশ্ৰী ড০ সৰ্বেশ্বৰ চহৰীয়াই, আৰু পি আই এম চিৰ অধ্যক্ষ ড০ বিৰাজ কুমাৰ দাসে। এই উপলক্ষে চিকিৎসক সকলে যোগ আসন সম্পন্ন কৰে। চিকিৎসকসকলক সম্বোধন কৰি আচাৰ্য এম হকে কয়, ‘যোগ হৈছে আত্ম-আৱিষ্কাৰৰ যাত্ৰা, আভ্যন্তৰীণ শান্তিৰ পথ, আৰু সুষম জীৱন গঢ়ি তোলাৰ এক মাধ্যম। যোগাভ্যাসৰ জৰিয়তে আমি আমাৰ শৰীৰ, মন আৰু আত্মাক সংযোগ কৰি এক সামগ্ৰিক মংগলৰ অনুভূতি গঢ়ি তোলোঁ”। ড০ চহৰিয়াই সভাত ভাষণ দি কয় যে যোগে আমাক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা স্থিতিস্থাপকতা, মানসিক চাপৰ মুহূৰ্তত ধৈৰ্য্য, আৰু আমাৰ দ্ৰুতগতিত চলি থকা পৃথিৱীখনত মননসিলতাৰ গুৰুত্ব শিকায়।

Leave A Reply

Your email address will not be published.