একেখন মেচতে চাৰিগৰাকীৰ শতক

0 6,803

চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় দক্ষিণ আফ্ৰিকাই। ফলত ভাৰতে প্ৰথমে বেটিং কৰি স্মৃতি মান্ধানা আৰু কেপ্টেইন হৰমনপ্ৰীত কৌৰৰ শতকৰ সহায়ত ৩২৫ ৰাণ কৰিবলৈ সক্ষম হয়।  

৩২৬ ৰাণৰ লক্ষ্য লৈ খেল পথাৰত নমা দক্ষিণ আফ্ৰিকাই ৩২১ ৰাণতে স্তব্ধ হয়। দলটোৰ হৈ দুগৰাকী বেটছমেনৰ পৰা আহে শতকীয় ইনিংছ। ভাৰতত চিন্নাস্বামী ষ্টেডিয়াম মানেই যেন ৰাণৰ পাহাৰ। বুধবাৰৰ মেচখনতো সেয়াই হ’ল।

খেলখনৰ আৰম্ভণিৰ পৰাই স্মৃতি মান্ধানাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। শৃংখলাৰ প্ৰথমখন মেচত শতক অৰ্জন কৰা স্মৃতি মান্ধানাই দ্বিতীয়খন মেচত ১২০ বলত ১৩৬ ৰাণ সংগ্ৰহ কৰে। কেপ্টেইন হৰমনপ্ৰীতেও চাৰি নম্বৰ স্থানত বেটিং কৰিবলৈ আহি ৮৮ টা বলতে ১০৩ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাৰ হৈ অপেনাৰ লৰা ৱলভাৰ্ডটে শতক অৰ্জন কৰে। তেওঁৰ বেটৰ পৰা আহে অপৰাজিত ১৩৫ ৰাণ। পাঁচ নম্বৰ স্থানত বেটিং কৰিবলৈ আহি দলটোৰ আন এগৰাকী বেটছমেন মাৰিজান কেপে মাত্ৰ ৯৪ টা বলত কৰে ১১৪ ৰাণ।

Leave A Reply

Your email address will not be published.