ৰুবুল দাসৰ সভাপতিত্বত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় বিশেষ বৈঠক অনুষ্ঠিত

0 4,602

আজি গুৱাহাটী চান্দামাৰীস্থিত আৰ্টিষ্ট গীল্ড সভাকক্ষত ৰুবুল দাসৰ সভাপতিত্বত অনুসূচিত জাতি যুৱ ছাত্র পৰিষদ,অসমৰ কেন্দ্রীয় বিশেষ বৈঠক অনুষ্ঠিত হয়। সভাৰ অন্তত আয়োজন কৰা সংবাদ মেলত পৰিষদ কেন্দ্রীয় সভাপতি ৰুবুল দাসে অনুসূচিত জাতিৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই কয় যে, মুখ্যমন্ত্রী গৰাকীয়ে আমাৰ জনগোষ্ঠীটোৰ সমস্যা সমূহ শীঘ্রেই সমাধান কৰি সদিচ্ছা প্ৰকাশ কৰক। অসমৰ সকলো নদ-নদী, বিল-খাল, জলাশয়, মীন পাম আদি অনুসূচিত জাতিৰ বাবে এশ শতাংশ সংৰক্ষণ কৰক। ইতিমধ্যে, মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কিছু কাৰ্য্যবাহী সদস্যই অবৈধভাবে অনুসূচিত জাতিৰ দখলত থকা মীন পাম আদি বলপূর্বক ভাৱে দখল কৰিছে। গতিকে, চৰকাৰে এনে অবৈধ কাৰ্য্য ৰোধ নকৰিলে গোষ্ঠী সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে। অনুসূচিত জাতিৰ ছাত্র জলপানিৰ পৰিমাণ এশ শতাংশ বৃদ্ধি কৰি চলিত বৰ্ষৰ পৰাপৰাইনপৰাপৰাই নিয়মীয়াকৈ আদায় দিবলৈ ৰুবুল দাসে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দাবী জনায়। ইতিমধ্যে মুখ্যমন্ত্রী ডাঙৰীয়াই ঘোষনা কৰিছে যে, ২৫ চনলৈকে উন্নয়নৰ কামহে কৰিব। গতিকে অনুসূচিত জাতিৰ উন্নয়ন মূলক কামবোৰ কৰিব বুলি সংবাদ মেলত নেতৃবৃন্দই আশা প্ৰকাশ কৰে। অনুসূচিত জাতিৰ নামত ভূৱা প্ৰমাণ পত্ৰ সংগ্রহ কৰি চাকৰি আদি কৰি থকা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰি ৰুবুল দাসে কয় য়ে,১৯৫১চনৰ পৰা ১৯৭১ চনলৈকে হোৱা জাতিগত পিয়লৰ তথ্যৰ ভিত্তিতে শীঘ্রেই অসমত জাতিগত গণনা কৰিবলৈ মুখ্যমন্ত্রীয়ে ব্যবস্থা গ্রহণ কৰা উচিত। মুখ্যমন্ত্রীয়ে নিজকে বৰ্ণবাদী নহয় বুলি প্ৰমাণ কৰিবলৈকেই অন্ততঃ আমাৰ প্ৰতি বৈষম্যমূলক আচৰণ বন্ধ কৰক। অনুসূচিত জাতি-জনজাতিৰ চাকৰিয়াল সকলে পূৰ্বৰ পৰা পদোন্নতিত পাই থকা জেষ্ঠ্যতাৰ ধাৰাবাহিকতা বাহাল ৰাখিবলৈ ৰুবুল দাসে মুখ্যমন্ত্রী গৰাকীক আহ্বান জনায়। আনহাতে, অনুসূচিত জাতিৰ সৰ্বোত্তম উন্নয়নৰ স্বাৰ্থত শীঘ্রেই স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ পৰিষদে সংবাদ মেলত দাবী জনায়। সামাজিক ন্যায় আৰু সৱলীকৰন মন্ত্রী পিয়ুষ হাজৰিকা অনুসূচিত জাতিৰ হোৱাৰ পিছতো জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰাত গুৰুত্ব প্ৰদান নকৰে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে ৰুবুল দাসে। পৰিষদে অহা ২৫ জুনত গুৱাহাটীত, ৩,৪,৫ জুলাইত বিভিন্ন জিলা আয়ুক্তৰ কাৰ্য়্যালয়ত আৰু ১৫ আগষ্টৰ পূৰ্বে নতুন দিল্লীৰ যন্তৰ মন্তৰত আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ বিষয়ে সংবাদ মেলত নেতৃবৃন্দই ঘোষনা কৰিছে। সংবাদ মেলত অংশগ্রহণ কৰা পৰিষদৰ উপসভাপতিদ্বয় ভদ্ৰেশ্বৰ দাস,হেমকান্ত দাস, সাধাৰণ সম্পাদক জিতু কাকতি, সহকাৰী সাধাৰণ সম্পাদক নৱ কুমাৰ দাস, সাংগঠনিক সম্পাদক পংকজ বনিয়া,সুনীল দাস,প্ৰচাৰ সম্পাদক মাখন ডেকা, পবিত্র দাস,কাৰ্য্যনিৰ্বাহক সদস্য দিপক দাস, অজয় দাস আৰু বিভিন্ন জিলা সমিতিৰ সভাপতি ও সাধাৰণ সম্পাদক সকলে উজনি-নামনি খেল কৰি থকা বিজেপি চৰকাৰে অনুসূচিত জাতিৰ সমস্যা সমাধান কৰিব বুলি পৰিষদে আশা প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.