ছিকিমৰ উত্তৰ প্ৰান্তত অব্যাহত প্ৰকৃতিৰ তাণ্ডৱ

0 7,804

প্ৰচণ্ড বৰষুণৰ ফলত বানপানী কৱলত পৰা ৰাজ্যখনৰ উত্তৰ প্ৰান্তৰ মংগন জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে ভূমিস্খলনো

প্ৰাকৃতিক বিপৰ্যয়ত ৬ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে দুজন লোক সন্ধানহীন হৈ থকাৰ খবৰ লাভ কৰা গৈছে। আনহাতে এই জিলাখনত প্ৰায় ১৫০০ পৰ্যটক আবদ্ধ হৈ আছে।

এই পৰ্যটকসকলৰ অধিকাংশই পশ্চিম বংগৰ। তেওঁলোক মংগন জিলাৰ লাচুং আৰু চুনথাঙত আবদ্ধ হৈ আছে। এই বিপৰ্যয়ৰ সৃষ্টি কৰা তিস্তা নদীৰ পানী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ উপৰিও নদীৰ পানী ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বৈ আছে।

Leave A Reply

Your email address will not be published.