চাইকেল চলোৱাৰ লাভালাভ কি কি

0 7,921

. ওজন হ্ৰাসত সহায়ক

আজিকালি অধিকাংশ লোকেই ওজন বৃদ্ধিৰ চিকাৰ হৈছে। ওজন বৃদ্ধিৰ সমস্যা পোৱাৰ ফলত আমাৰ শৰীৰত বহু ৰোগে দেখা দিয়ে।এই সমূহৰ সমস্যাৰ পৰা বাচি থাকিবলৈ আপুনি চাইকেল চলাব পাৰে। চাইকেল চলোৱাৰ সময়ত আমাৰ শৰীৰে কেলৰি দহন কৰে। যাৰ ফলত শৰীৰে অতিৰিক্ত চৰ্বি জমা কৰিব নোৱাৰে আৰু ওজন বৃদ্ধিৰ সমস্যা হ্ৰাস হয়।

. নতুনকৈ ব্যায়াম আৰম্ভ কৰাৰ সকলৰ বাবে 

যদি আপুনি নতুনকৈ ফিটনেছৰ যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰে বা যিকোনো আঘাত বা ৰোগৰ পৰা আৰোগ্য হৈছে, আপুনি লাহে লাহে চাইকেল চলাব পাৰে। 

. মানসিক স্বাস্থ্য উন্নত

প্ৰতিদিনে কিছু সময়ৰ বাবে চাইকেল চলোৱাটোৱে আপোনাৰ মানসিক স্বাস্থ্য উন্নত কৰিব পাৰে। চাইকেল চলোৱাটোৱে মনক শিথিল কৰে আৰু চাপ, উদ্বেগৰ দৰে সমস্যা হ্ৰাস কৰে। প্ৰকৃততে, চাইকেল চলোৱা হৈছে এক প্ৰকাৰৰ ব্যায়াম, যাৰ ফলত মস্তিষ্কই সুখী হৰমন মুকলি কৰে। ই চাপ হ্ৰাস কৰি মনোভাৱ উন্নত কৰে।

৪. কলেষ্টেৰল হ্ৰাসতো সহায়ক

চাইকেল চলোৱাটোৱে কলেষ্টেৰলৰ স্তৰ উন্নত কৰে। যিয়ে আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে।হৃদযন্ত্ৰ ভালে থাকিলে ষ্ট্ৰটক আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস হয়।

গাঁঠিৰ বাবে লাভজনক

গধুৰ ব্যায়াম কৰিলে আমাৰ গাঁঠিৰ ওপৰত যথেষ্ট চাপ পৰে। ইয়াৰ ফলত আঁঠুত আঘাত পোৱাৰ আশংকা থাকে। কিন্তু চাইকেল চলাওঁতে আপোনাৰ আঁঠুৰ ওপৰত চাপ নপৰে।চাইকেল চলোৱাৰ ফলত আমাৰ গাঁঠিবোৰ শক্তিশালীহে হয়। 

Leave A Reply

Your email address will not be published.