ভয়ংকৰ জুয়ে প্ৰাণ কাঢ়ি নিয়া ৪৫জন ভাৰতীয়ৰ নিথৰ দেহ অনা হ’ব ভাৰতলৈ

0 3,355

কুৱেইটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মত্যু হয় ৪৫জন ভাৰতীয়ৰ। তেওঁলোকৰ নিথৰ দেহ আজি ওভতাই অনা হ’ব ভাৰতলৈ। শুকুৰবাৰে পুৱা বায়ুসেনাৰ এখন বিমান কুৱেইটৰ পৰা কেৰালালৈ ৰাওনা হৈছে। পুৱা ১১ বজাত বিমানখন কোচী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা।

তাৰ পিছত বিমানখন দিল্লীলৈ ৰাওনা হোৱাৰ কথা। বিমানখনত আছে কেন্দ্ৰীয় বৈদেশিক ৰাজ্য মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙো।প্ৰাথমিকভাৱে জনা গৈছে, নিহত ভাৰতীয় লোকসকলৰ ভিতৰত অধিকাংশই কেৰালা আৰু দক্ষিণ ভাৰতৰ অন্যৰ ৰাজ্যৰ বাসিন্দা। সেয়ে বিমানখন প্ৰথমে কোচী বিমানবন্দৰত অৱতৰণ কৰিব। যিসকল নিহত লোকৰ ঘৰ উত্তৰ আৰু পূব ভাৰতৰ ৰাজ্যত, তেওঁলোকৰ নশ্বৰদেহ লৈ দিল্লীলৈ ৰাওনা হ’ব বিমানখন। বিমানবন্দৰত ৰখা হৈছে এম্বুলেঞ্চ।

Leave A Reply

Your email address will not be published.