যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়

0 89,024

১২ জুন, ২০২৪ তাৰিখে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজ সমূহৰ ওপৰত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয় ।

সভাত জলসম্পদ, বন, লোক নির্মাণ, আভ্যন্তৰীণ জল পৰিবহন, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, জলসিঞ্চন, আবকাৰী, সমাজ কল্যাণ, সমবায়, নগৰ পানী যোগান, দুগ্ধ উন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে আয়ুক্ত গৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে।
জিলা আয়ুক্ত গৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজ সমূহ খৰটকীয়াকৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়াৰ লগতে “মৰমৰ যোৰহাট” ৰ অধীনত জিলাখনৰ সকলো বিভাগকে সমন্বয়ৰে জিলাখনৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়।
তদুপৰি জিলা আয়ুক্ত গৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলক মনিটৰবেল সূচকৰ সৈতে জড়িত তথ্যসমূহ ধাৰাবাহিকভাৱে আপডেট কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ লগতে বিভাগীয় বিষয়াসকলৰ পৰা আন্তঃবিভাগীয় বিষয়সমূহ বুজ লোৱাৰ লগতে সমাধানৰ বাবে উপযুক্ত পৰামৰ্শ আগবঢ়ায়।
সভাত জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াৰ লগতে আন আন বিষয়াসকলক বাধ্যতামূলকভাৱেজিলাখনৰ বিভিন্ন প্ৰান্তৰ অংগণবাদী কেন্দ্ৰ আৰু বিদ্যালয় সমূহ পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে, সকলো বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলক আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে, জিলাখনৰ সকলো কাৰ্যবাহী দণ্ডাধীশকে নিশাভাগত জিলাখনৰ বিভিন্ন চিকিৎসালয়সমূহ পৰিদৰ্শন কৰাৰ লগতে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীকে ১৫ জুন তাৰিখৰ ভিতৰত মুখ্যমন্ত্ৰীৰ লোক সেৱক আৰোগ্য যোজনাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
ইয়াৰোপৰি সভাত আগন্তুক যোৰহাট জিলা দিৱস উদযাপনৰ বাবে প্ৰস্তাৱিত পৰিকল্পনাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত গৰাকীয়ে এই ক্ষেত্রত সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰি যোৰহাট দিৱসৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়।

আজিৰ সভাতে জিলা আয়ুক্ত আৰু বৈঠকত উপস্থিত বিষয়াসকলে জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ অধীনস্থ কেইবাগৰাকীও জল মিত্ৰক তেখেতসকলৰ উৎকৃষ্ট সেৱাৰ বাবে সম্বৰ্ধনা জনায়।

সভাত যোৰহাট পৌৰসভাৰ পৌৰপতি, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তসকল, তিতাবৰৰ অতিৰিক্ত জিলা আয়ুক্ত, প্ৰশাসনৰ বিষয়াসকল প্ৰমুখ্যে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.