খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত একেটা পৰিয়ালৰ পাঁচজনকৈ লোক চিকিৎসাধীন শোণিতপুৰত

0 2,368

শোণিতপুৰ জিলাৰ ৰঙাপাৰাত খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত একেটা পৰিয়ালৰ পাঁচজনকৈ লোক চিকিৎসাধীন হ’বলগীয়া হয়। ইয়াৰ ভিতৰত এগৰাকী কিশোৰীয়ে চিকিৎসাধীন অৱস্থাত মৃত্যুক আকোঁৱালি লয়।

ঘটনাৰ বিৱৰণী অনুসৰি যোৱা ৯ জুনত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰজুলি চাহ বাগিচাৰ ১৭ নং শ্ৰমিক লাইনৰ নিৱাসী হৰেন ভূমিজে বজাৰৰ পৰা মুৰ্গী আৰু মাছ ক্ৰয় কৰি আনিছিল। মুৰ্গী মাংস আৰু মাছৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাৎ পাঁচজনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

ইফালে বৰজুলি চাহ বাগিচাৰ হৰেন ভূমিজ, তেঁওৰ পত্নী অস্তমি ৰাজগড়, কন্যা প্ৰীতি ভূমিজ, ৰিতা ভূমিজ আৰু বিভা ভূমিজৰ অতিপাত শৌচ হ’বলৈ ধৰাত নিশাই আটাইকেইজনকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসাধীন হৈ থকা পৰিয়াটোৰ ১৩ বছৰীয়া কনিষ্ঠ কন্যাই বৃহস্পতিবাৰে অকাল মৃত্যুক সাৱতি লয়।

ইপিনে বৰজুলি চাহ বাগিচাৰ হৰেন ভূমিজৰ চাৰিজনীয়া পৰিয়ালটো এতিয়াও উক্ত চিকিৎসালয়খনতে চিকিৎসাধীন হৈ আছে। খাদ্যত বিষক্ৰিয়া হৈ এটা চাহ শ্ৰমিকৰ পৰিয়ালৰ এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ পাছত আজি ৰঙাপৰা বৰজুলি চাহ বাগিচাৰ ১৭ নং লাইনত তেজপুৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়।

Leave A Reply

Your email address will not be published.