আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব চন্দ্ৰবাবু নাইডুৱে।

0 795

আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লব টি ডি পিৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে। অন্ধ্ৰৰ মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত গ্ৰহণ কৰিব নাইডুৱে। আজি পুৱা ১১.২৭বজাত কেছৰপল্লী আইটি পাৰ্কত ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাব নাইডুক।

১৯৭৮চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল চন্দ্ৰবাবু নাইডু। তেতিয়াৰে পৰা ২০১৯ৰ লৈকে একেৰাহে বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহাৰ লগতে মুখ্যমন্ত্ৰীৰ আসনো অলংকৃত কৰিছিল নাইডুৱে। ২০১৪-২০১৯ৰ লৈকে তৃতীয়বাৰৰ বাবে অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল নাইডু।

Leave A Reply

Your email address will not be published.