ডিফুৰ লামডিঙত নিশা দুৰ্বৃত্তৰ গুলীত নিহত হুকুৰি তিচ’পী
সোমবাৰে নিশা সিন্ধি খান্দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্তই। নিহত যুৱতী গৰাকীৰ নাম হুকুৰি তিচ’পী বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, যুৱতী গৰাকীৰ আচল ঘৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও বিৱাৰত। কিন্তু জ্যেষ্ঠ আৰু কণিষ্ঠ ভগ্নীৰ পঢ়া-শুনাৰ বাবে এমাহ পূৰ্বে ডিফুৰ আৰলংলাংছত বাস কৰিব লৈছিল মৃত তিচ’পী।
শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰে হুকুৰী তিচ’পীক। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত উক্ত স্থানত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ।