T20 বিশ্বকাপত পাকিস্তানক পৰাস্ত কৰি টীম ইণ্ডিয়াৰ

0 6,690

দেওবাৰে নাছাও কাউন্টি আন্তঃৰাষ্ট্রীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ৬ৰানৰ ব্যৱধানত বিজয়ী হয়।

ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতে পুনতে বেট ধৰি নিৰ্ধাৰিত অভাৰত মাত্ৰ ১১৯ ৰানহে কৰিবলৈ সক্ষম হয়। দেওবাৰে নিশা অনুষ্ঠিত হোৱা মেচখনত ভাৰতে পাকিস্তানক ৬ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

পাকিস্তানৰ বাঁওহতীয়া বলাৰ আফ্ৰীডিৰ কৌশলী বলিং আক্ৰমণত সহজে আত্মসমৰ্পণ কৰে অধিনায়ক ৰোহিতা শৰ্মাই। ৰোহিতে মাত্ৰ ১৩ ৰান কৰিয়েই বিদায় লয়।

উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টে ৪২ ৰান কৰি দলৰ স্থিতি মজবুত কৰে। বাকীসকল বেটাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়।

পাকিস্তানৰ হৈ হৰিশ ৰৌফ আৰু নাশ্বিম শ্বাহে ৩টাকৈ উইকেট দখল কৰে। ইফালে ভাৰতে বান্ধি দিয়া বিজয় লক্ষ্য অনুসৰণ কৰি পাকিস্তানে ১১৩ৰান কৰি ৬ ৰানৰ ব্যৱধানত পৰাজয় বৰণ কৰে।

Leave A Reply

Your email address will not be published.