শৰীৰক সুস্থ কৰি ৰখাত পানীলাউ ৰসে কিদৰে সহায় কৰে

0 579

প্ৰতিদিনে ৰাতিপুৱা পানীলাউৰ ৰস খালে পেটৰ বিষৰ পৰা সকাহ পাব বুলি চিকিৎসকে কয়।

ইউৰিক এচিডৰ মাত্ৰা আমাৰ দৈনন্দিন জীৱনৰ কিছুমান বিশেষ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। এইবিষয়ে ডাঃ অৰিন্দম বসুৱে কয় যে দাইল, দৈ, কবি, ফুলকবি, মূলা আদি খাদ্যত বৃহৎ পৰিমাণৰ পিউৰিন থাকে যিয়ে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে

গাঁঠিৰ বিষ কম কৰিবলৈ খাদ্যৰ তালিকাত ৰাখক পানীলাউ। পানীলাউয়ে শৰীৰক সতেজ আৰু শীতল কৰি ৰখাত সহায় কৰে। হজম শক্তি উন্নত কৰাৰ ক্ষেত্ৰতো পানীলাউ যথেষ্ট উপকাৰী।

চিকিৎসকে কয় যে বিশেষকৈ ইউৰিক এচিড কম কৰাৰ ক্ষেত্ৰত পানীলাউৰ ৰস অতি উপকাৰী। প্ৰতিদিনে পুৱা খালী পেটত এগিলাচ পানীলাউৰ ৰস খালে শৰীৰৰ পৰা সকলো আৱৰ্জনা ওলাই যায়।ইউৰিক এচিডৰ লগতে পানীলাউয়ে শৰীৰক শীতল কৰি ৰাখিবলৈ সক্ষম হয়। পানীলাউৰ ৰসে ওজন কমাবলৈ সহায় কৰে। ৰসৰ বাহিৰেও পানীলাউ উতলাই টেঙা দৈ, নিমখ আৰু জলকীয়াৰ সৈতেও খাব পাৰে, গৰমৰ বাবে ই অতি উপকাৰী।লাউ উতলাইও হালোৱা ৰান্ধিও খাব পাৰি। ই স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু শৰীৰত শক্তি বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.