২১ দিন নিৰ্বাচনী বতাহ খাই অৱশেষত আত্মসমৰ্পণ কৰিলে অৰবিন্দ কেজৰিৱালে !

0 12,370


২১ দিনীয়া অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাৰ পিছত দেওবাৰে (২ জুন) বিয়লি তিহাৰ জেলত আত্মসমৰ্পণ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে।

১০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। ইয়াৰ পূৰ্বে দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত তেওঁক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ উকলি যোৱাৰ পূৰ্বে অৰবিন্দ কেজৰিৱালে ৭ দিনৰ বাবে জামিন বৃদ্ধিৰ বাবে আবেদন জনাইছিল। কিন্তু ৰাউজ এভিনিউ আদালতে তেওঁৰ আবেদন নাকচ কৰিলে।ইয়াৰ পিছত পুনৰ ৰাউজ এভিনিউ আদালতে তেওঁক ৫ জুনলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আত্মসমৰ্পণৰ পূৰ্বে কেজৰিৱালে তেওঁৰ পৰিয়ালৰ সদস্য আৰু দলৰ নেতাসকলৰ সৈতে নতুন দিল্লীৰ ৰাজঘাট ভ্ৰমণ কৰে। তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাটত পুষ্প অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.