আজিৰে পৰা ১১০০খন টোলগেটত ভৰিব লাগিব নতুন কৰ

0 6,803

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দেশবাসীলৈ ডাঙৰ খবৰ। আজিৰেই পৰা বৃদ্ধি পালে টোল গেটৰ চাৰ্জ। আজি মাজ নিশা ১২ বজাৰ পৰা সমগ্ৰ দেশতে টোল গেট চাৰ্জ ৩ৰ পৰা ৫% বৃদ্ধি পালে।

দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে এপ্ৰিল মাহত বাৰ্ষিক টোলগেটৰ চাৰ্জ বৃদ্ধিত স্থগিত ৰখাৰ হৈছিল। ভাৰতত মুদ্ৰাস্ফীতিৰ লগত সংগতি ৰাখি বছৰি টোল চাৰ্জ সংশোধন কৰা হয়। ঘাইপথ পৰিচালকসকলে আজিৰে পৰা প্ৰায় ১,১০০টা টোল প্লাজাত ৩%ৰ পৰা ৫%লৈ চাৰ্জৰ বৃদ্ধিৰ কথা ঘোষণা কৰিছে।

কোনসমূহ বাহন কিমান টকাকৈ দিব লাগিব টোল টেক্স?

সৰু বাহনে ১৩৫ টকাৰ ঠাইত দিব লাগিব ১৪০ টকা। অহা-যোৱা কৰিলে ২০০টকাৰ ঠাইত দিব লাগিব ২১০টকা। সৰু বাণিজ্যিক বাহনে ২১৫টকাৰ ঠাইত দিব লাগিব ২৩০টকা। সৰু বাণিজ্যিক বাহনে ভৰিব লাগিব ৩৪৫টকা। বাছ-ট্ৰাকত এবাৰত দিব লাগিব ৪৫৫টকাৰ ঠাইত ৪৮০টকা। বাছ-ট্ৰাকত অহা-যোৱাত ৬৮০টকাৰ ঠাইত দিব লাগিব ৭২০টকা।

আনহাতে বাণিজ্যিক থ্ৰী এক্সেল এবাৰত ৪৯৫টকাৰ ঠাইত দিব লাগিব ৫২৫টকা। বাণিজ্যিক থ্ৰী এক্সেল অহা-যোৱাত ৭৪৫টকাৰ ঠাইত ৭৮৫টকা। ৪-৬ এক্সেল গধুৰ যান-বাহন এবাৰত ৭১০টকাৰ ঠাইত ৭৫০টকা। ৪-৬ এক্সেল গধুৰ যান-বাহন অহা-যোৱাত ১,০৭০টকা ১,১৩০টকা।

সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন এবাৰত ৮৬৫টকাৰ ঠাইত ৯১৫টকা। সামগ্ৰী কঢ়িওৱা বৃহৎ বাহন অহা-যোৱাত ১,৩০০টকা ৰ ঠাইত ১,৩৭৫টকা।

Leave A Reply

Your email address will not be published.