মানিমুনি শৰীৰৰ বাবে কিমান উপকাৰী

0 4,470

মানিমুনি সদায় খালে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন হয় । শৰীৰ সুস্থ সবল কৰি মানিমুনিয়ে যৌৱন কাল দীঘলীয়া কৰে বাবে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। মানিমুনি দুবিধ,সৰু মানিমুনি (Hydrocotyle sibthorpioides) আৰু বৰ মানিমুনি (Hydrocotyle Asiatica )। ঔষধি গুণ দুয়োবিধ মানিমুনিৰে প্ৰায় একে ৷ কিন্তু সৰু বিধ দৰবৰ কাৰণে বেছি উপকাৰী। মানিমুনিত থকা ভেলাৰিন নামৰ পদাৰ্থ বিধৰ বাবে মানিমুনিৰ গোন্ধটো ওলায়।

ই এবিধ অতি ঔষধি গুণ সম্পন্ন উদ্ভিদ । মানিমুনিত কেইবা বিধো এণ্টি-অক্সিডেণ্ট , ভিটামিন B , ভিটামিন C, ভিটামিন E, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফচফৰাছ , টেনিক এচিড আদি উপাদান পোৱা যায় । মানিমুনিত এণ্টি-বেক্টেৰিয়েল আৰু এণ্টি-ভাইৰেল গুণ আছে। ইয়াৰ পাত,গা-গছ, ফুল,গুটি প্ৰতিটো অংশই ঔষধ নিৰ্মাণত ব্যৱহাৰ হয়।

মানিমুনিত থকা এন্টিবেক্টেৰিয়েল গুণৰ বাবে কলেৰা,চালমোনেলা,চিগেলা, ই-ক’লাই, ষ্টেফাইলোকক্কাচ অৰিয়াচ আদি ৰোগ নিৰাময় হয়।

মানিমুনিৰ এন্টিভাইৰেল গুণৰ বাবে হেপাটাইটিচ-বি ৰোগৰ চিকিৎসা হয়। এন্টিপেৰাচাইটিক- চিষ্টচমিঅ’চিচৰ বাবেও ই উপকাৰী।

কাহ, জ্বৰ, টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ বাবে মানিমুনি উপযোগী ৷ স্নায়ুতন্ত্ৰৰ উপকাৰিতা,মগজুৰ সতেজতা,সক্ৰিয়তা, স্মৃতিশক্তি বঢ়ায় ৷ বাৰ্ধক্যজনিত এলঝেইমাৰ ৰোগ চিকিৎসাতো মানিমুনি উপযোগী ৷

মানিমুনি লিভাৰৰ বাবে অতি উপকাৰী ৷ আভোক ভাব দূৰ কৰে ৷ চৰ্মৰোগ- চ’ৰিয়’চিচ, খৰ, খজুৱতি,এলাৰ্জি, লুপাচ আদিৰ ক্ষেত্ৰটো মানিমুনি উপকাৰী ৷

মহিলাৰ জৰায়ুৰ ঘাঁ, বগাস্ৰাৱৰ সমস্যা, মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ ক্ষেত্ৰটো উপকাৰী। পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী বনৌশাক ৷

অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে। গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ, স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী। গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়

Leave A Reply

Your email address will not be published.