কলিয়াবৰত ৰেমালৰ সংহাৰী ৰূপ ,জাক জাক বগলী আঘাতপ্ৰাপ্ত

0 333,362

কলিয়াবৰত ৰেমালৰ সংহাৰী ৰূপ। ধুমুহাত গছ উভালি পৰাত আশ্ৰয় লোৱা জাক জাক বগলী আঘাতপ্ৰাপ্ত।

ধুমুহাত আঘাতপ্ৰাপ্ত হোৱা বগলী উদ্ধাৰ কৰিলে কলিয়াবৰৰ চাৰিগৰাকী সাংবাদিকে।

ধাৰাষাৰ বৰষুণ¸ধুমুহা-বতাহত কলিয়াবৰৰ ভিন্ন প্ৰান্তত উভালি পৰিল গছ।

কলিয়াবৰৰ গোমোঠা গাঁৱত বাঁহ গছ¸তামোল গছ উভালি পৰি আঘাতপ্ৰাপ্ত ৫০ত কৈ অধিক বগলী পোৱালী¸বগলীৰ বহু কণী নষ্ট হোৱাৰ লগতে কেইবাটাও বগলী পোৱালীৰ মৃত্যু হয়।

বিগত কেইবাবছৰ ধৰি গোমোঠা গাঁৱৰ বাঁহগছত আশ্ৰয় লৈ আছিল কেইবা হাজাৰ বগলী।

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ কলিয়াবৰৰ চাৰি সাংবাদিকে উদ্ধাৰ কৰিলে আঘাতপ্ৰাপ্ত বগলী

কলিয়াবৰৰ সাংবাদিক দীপু বৰা¸আশীষ কুমাৰ শইকীয়া¸ৰূপজ্যোতি গোস্বামী¸লক্ষ্যজ্যোতি বৰাই উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত বগলী।

উদ্ধাৰ কৰা বগলীৰ লগতে বগলীৰ পোৱালী কেইটা চিকিৎসা প্ৰদানৰ বাবে পশু চিকিৎসক সুৰোজ প্ৰতীম কাকতিৰ ওচৰত চমজাই দিয়ে।

Leave A Reply

Your email address will not be published.