প্ৰতিষ্ঠাপক আটছাৰ নেতা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সমাজকৰ্মী ভদ্ৰকান্ত ভূঞাৰ শ্ৰদ্ধাঞ্জলি – স্মৃতিচাৰণ সভা স্মৰণিকা উন্মোচন অনুষ্ঠান

0 637

ডিব্ৰুগড় জিলাৰ?বৃহত্তৰ টেঙাখাতৰ ২ নং বাচমতীয়া গ্ৰাণ্টৰ নিবাসী তথা আটছা টেঙাখাত আঞ্চলিকৰ ( টেঙাখাত শাখা ) প্ৰাক্তন সভাপতি ডিব্ৰুগড় মহকুমা পৰিষদৰ প্ৰাক্তন উপ-সভাপতি
দীঘলীয়া গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি ন-খঙীয়া হাতীবন্ধা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি সদৌ অসম ভূঞা সমাজৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আৰু মৃত্যু সময়লৈ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰা , দুলীয়াজান ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা আজীৱন সমাজকৰ্মী প্ৰয়াত ভদ্ৰকান্ত ভূঞাৰ আজি নিজা বাসগৃহত মাংগলিক কাৰ্যসূচীৰে আদ্যশ্ৰাদ্ধ সম্পন্ন কৰা হয় । সমসাময়িকভাবে উক্ত আদ্যশ্ৰাদ্ধ স্থলিৰ সমীপতে
অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা ) টেঙাখাত শাখাৰ উদ্যোগত তথা আটছা বেলবাৰী উপ-শাখা আটছা প্ৰাক্তন নেতাকৰ্মী আৰু স্থানীয় ৰাইজৰ সহযোগত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান , স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ।

প্ৰথমে ভদ্ৰকান্ত ভূঞাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ধূপ জ্বলাই পুষ্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে ভাতৃ হৰিনাৰায়ন ভূঞা আৰু পুত্ৰ বিষ্ণু ভূঞাই । আটছা টেঙাখাত শাখাৰ সভাপতি তিলক খালখ সম্পাদক ৰবাৰ্ট ভূঞাই পৰিচালনা কৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুষ্প ধূপ দি আটছা কেন্দ্ৰীয় নেতা প্ৰক্তন নেতা টেঙাখাত শাখাৰ নেতা ভূঞা সমাজৰ নেতা সাংবাদিক শুভাকাংক্ষী তথা পৰিয়াল বৰ্গই অংশগ্ৰহণ কৰে । ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে আটছা টেঙাখাত শাখাৰ সভাপতি তিলক খালখই আৰু আঁতধৰে সম্পাদক ৰবাৰ্ট ভূঞাই ।

প্ৰথমে ভদ্ৰকান্ত ভূঞাৰ স্মৃতিত আটছা টেঙাখাত শাখাই প্ৰকাশ কৰি উলিওৱা তথা শেখৰ মুৰ্মু আৰু শ্যামলাল চালুকে যুটীয়া সম্পাদনা কৰা ” শ্ৰদ্ধাঞ্জলি ” নামৰ এখন স্মৰণিকা উক্ত সভাতে আনুষ্ঠানিকভাবে উন্মোচন কৰে টেঙাখাত প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত শইকীয়াই । লগে লগে উক্ত স্মৃতিচাৰণ সভাত ভদ্ৰকান্ত ভূঞাৰ বিভিন্ন সামাজিক ৰাজনৈতিক আদি নিষ্কলুষ কামকাজৰ গুণানুকীৰ্তন কৰি বক্তব্য ৰাখে ক্ৰমে – আটছা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বাৰলা টেঙাখাত প্ৰেছ ক্লাবৰ সম্পাদক জয়ন্ত শইকীয়া আটছা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰাজেন কুমাৰ উপ-সভাপতি ৰবি বাৰলা ডিব্ৰুগড় জিলা সমিতিৰ সদস্য বাবুল বাঘোৱাৰ সদৌ অসম ভূঞা সমাজৰ সম্পাদক নিৰঞ্জন ভূঞা ডিব্ৰুগড় জিলাৰ সভাপতি দূৰ্গা ভূঞা আদিয়ে বক্তব্য প্ৰদান কৰা লগতে সভাত সমাজকৰ্মী অজিত ভূমিজ শেখৰ মুৰ্মু ভূঞা সমাজৰ ডিব্ৰুগড় জিলাৰ সম্পাদক দিলীপ ভূঞা শিৱসাগৰ জিলাৰ সভাপতি আনন্দ ভূঞা আটছা টেঙাখাত শাখাৰ উপদেষ্টা শ্যামলাল চালুক তথা নেতা কৰ্মী পৰিয়ালবৰ্গৰ জানকী ভূঞা নিজু ভূঞা আদিৰ লগতে বিভিন্ন শ্ৰেণীৰ বহু সংখ্যক ৰাইজ উপস্থিত থাকে । ইফালে উক্ত সভাতে আটছা টেঙাখাত শাখাৰ তৰফৰ পৰা এখন সমবেদনা স্মাৰক পত্ৰ ভদ্ৰ কান্ত ভূঞাৰ পৰিয়াল বৰ্গক ৰাজহুৱা ভাবে প্ৰদান কৰা হয় । অন্যহাতে শেষত ভাতৃ– হৰিনাৰায়ন”ভূঞাই শলাগৰ শৰাই আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.