ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল ডিব্ৰুগড়ৰ কুংফু খেলুৱৈ ৰাণা শৰ্মা

0 480

Global International Martial Arts Federation ভাৰতৰ উদ‍্যোগত গুৱাহাটীত অনুষ্ঠিত হোৱাৰ GIMAF Black Belt পৰীক্ষাত দেশৰ ভিতৰতে 7th Degree black Belt লাভ কৰিবলৈ সক্ষম হয় এইগৰাকী খেলুৱৈয়ে। এই পৰীক্ষাত মুম্বাই, তামিলনাডু, বিহাৰ, কৰ্ণাটক, উড়িশা, মেঘালয়, মণিপুৰ আদিকে ধৰি দেশৰ দহখন ৰাজ্য প্ৰতিযোগীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

অৱশেষত দেশৰ সকলো ৰাজ্যৰ প্ৰতিযোগীক প্ৰত্যাহ্বান জনাই ডিব্ৰুগড়ৰ ৰাণা শৰ্মাই দেশৰ ভিতৰতে 7th Degree Black Belt সন্মান লাভ কৰা লগতে এগৰাকী দক্ষ প্ৰশিক্ষক হিচাবে স্বীকৃতি লাভ কৰে । ডিব্ৰুগড়ৰ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত হিন্দু ক্ৰান্তি দলে এইগৰাকী প্ৰতিভাৱান খেলুৱৈক আদৰণি জনোৱা লগতে ৰাজ্যলৈ কঢ়িয়াই অনাৰ এনে সন্মানৰ বাবে ‘গুৰু দ্ৰোণাচাৰ্য্য’ বঁটা প্ৰদান কৰে হিন্দু ক্ৰান্তি দলৰ কৰ্মকৰ্তাসকলে।

ফুলাম গামোচা, চেলেং চাদৰ, সফুৰা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় হিন্দু ক্ৰান্তি দলৰ ৰাজ্যিক সমিতিয়ে। হিন্দু ক্ৰান্তি দলৰ ৰাজ্যিক সমিতিৰ সভাপতি প্ৰকাশ ৰায়, সাধাৰণ সম্পাদক হেমন্ট বৰ্মাৰ সহিতে কেইবাগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰে এই সম্বৰ্ধনা অনুষ্ঠানত ।

Leave A Reply

Your email address will not be published.