ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু তিনিগৰাকী ভাৰতীয় শিক্ষাৰ্থী

0 2,247

আমেৰিকাৰ জৰ্জিয়া ৰাজ্যত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তীব্ৰবেগী গাড়ী এখন বাগৰি পৰাত আমেৰিকাত অধ্যয়ণৰত তিনিজন ভাৰতীয় শিক্ষাৰ্থী নিহত হোৱাৰ লগতে আন দুজন ছাত্ৰ আহত হোৱাৰ খবৰ আহিছে।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, আলফাৰেটাৰ ৱেষ্টছাইড পাৰ্কৱেত দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহনখনৰ যাত্ৰী আছিল শ্ৰিয়া অৱসৰলা, অনভি শৰ্মা আৰু আৰিয়ান যোশী।

ঘটনাস্থলীত উপস্থিত থকা প্ৰমাণৰ ভিত্তিত চালকজনে নিজৰ গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ পিছত গাড়ীখন বাগৰি পৰে বুলি অনুমান কৰা হৈছে।

গাড়ীত যাত্ৰা কৰি থকা যোশী আৰু অৱসৰলাক থিতাতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। বাকী তিনিজনক চিকিৎসাৰ বাবে নৰ্থ ফুলটন হাস্পতাললৈ লৈ যোৱা হয়।

আলফাৰেটা আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি চিকিৎসালয়তে শৰ্মাৰ মৃত্যু হয়। জৰ্জিয়া ষ্টেট ইউনিভাৰ্চিটিৰ ছাত্ৰ তথা চালক ৰিটৱাক সোমপল্লি আৰু আলফাৰেটা হাইস্কুলৰ ছাত্ৰ মহম্মদ লিয়াকত আহত আন দুজন ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। বিবৃতি অনুসৰি সকলোৰে বয়স আছিল ১৮ বছৰ।

Leave A Reply

Your email address will not be published.