২০২৪ ৰ ইউনাইটেড বঁটা ক্রীড়া প্রশিক্ষক নিপন দাসলৈ

0 2,249

বুধবাৰে ক্রীড়া প্রশিক্ষক নিপন দাসক প্ৰদান কৰা হ’ব ইউনাইটেড বঁটা ২০২৪ বজালীৰ কেন্দুগুৰিস্থিত ইউনাইটেড ক্লাবে ২০ মে’ৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ইউনাইটেড সন্ধিয়া।আজি সন্ধিয়া প্রদান কৰা হ’ব এই বঁটা। বঁটা প্রদান অনুষ্ঠানৰ পিচতে সাংস্কৃতিক অনুষ্ঠানত আচুর্য বৰপাত্ৰ আৰু বিছা ভৰদ্বাজে সংগীত পৰিবেশন কৰে।

পিচদিনা দিনজোৰা কাৰ্যসূচীৰ লগতে সন্ধিয়া জনপ্রিয় কণ্ঠশিল্পী প্রিয়ংকা ভৰালী আৰু নীল আকাশে সংগীতানুষ্ঠান পৰিবেশন কৰে৷। ২২মে’ত সংগীত পৰিবেশন কৰিব জুবিন গাৰ্গে৷অসম এথলেটিকছ সন্থাৰ বর্তমানৰ জ্যেষ্ঠ যুটীয়া সম্পাদক নিপন দাসে ২০০৭ চনৰ পৰা ভাৰতবর্ষত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় এথলেটিকছ প্রতিযোগিতাত টেকনিকেল অফিচিয়েল হিচাপে কার্যনির্বাহ কৰিছে৷

নিপন দাসক বঁটাৰ লগত দিব অভিনন্দন পত্র, শৰাই, স্মাৰক, গামোচা, চেলেং-চাদৰ, জাপি, গ্ৰন্থৰ টোপোলা আৰু নগদ এক লাখ টকা।

Leave A Reply

Your email address will not be published.