এলিমিনেটৰ মেচখনৰ পূৰ্বে বিৰাট কোহলি আৰু আৰ চি বিৰ সদস্যসকলৰ প্ৰতি নামি আহিছে ভাবুকি

0 444,444,477

আহমেদাবাদত আজি অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচখনৰ পূৰ্বে বিৰাট কোহলি আৰু আৰ চি বিৰ সদস্যসকলৰ প্ৰতি ভাবুকি নামি আহিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙ্গলবাৰে আহমেদাবাদৰ গুজৰাট কলেজ গ্ৰাউণ্ডত আৰ চি বিয়ে অনুশীলন কৰাৰ কথা আছিল। কিন্তু সেয়া বাতিল কৰা হয়। সুত্ৰৰ খবৰ অনুসৰি আৰ চি বি দলটো অহাৰ পূৰ্বে আক্ৰমণৰ বাবে সাজু হৈ থকা ৪ সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইয়াৰ পিছতেই এই খবৰ খবৰ আৰ চি বি আৰু ৰাজস্থান ৰয়েলছ দলক অৱগত কৰে আৰক্ষীয়ে। তাৰ পাছতেই আৰ চি বিয়ে অনুশীলন বাতিল কৰে। ৰাজস্থানৰো কেইবাজনো তাৰকা ক্ৰিকেটাৰে এৰি চলিলে অনুশীলন।

আজি সন্ধিয়া এই দুয়োটা দলৰ মাজত আছে মেচ। এই মেচতো নীৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। অৱশ্যে আন এক সূত্ৰই দাবী কৰিছে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুতি নাই।

তেওঁলোকে নিজেই অনুশীলন বাতিল কৰিছে। প্ৰচণ্ড গৰমৰ বাবে সন্ধিয়া ৬ বজাত তেওঁলোকে অনুশীলন কৰাৰ কথা আছিল। কিন্তু ছাৰে ছয় বজালৈকেহে ফ্লাড লাইট জ্বলোৱাৰ অনুমতি থকাৰ বাবেই এই অনুশীলন বাতিল কৰিছে দলটোৱে।

Leave A Reply

Your email address will not be published.