ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু

0 6,700

হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ। উদ্ধাৰ অভিযানৰ অন্তত সোমবাৰে এক সূত্ৰত ৰাষ্ট্ৰপতিসহ হেলিকপ্টাৰখনত থকা তেঁওৰ সংগীসকলৰ মৃত্যুৰ কথা প্ৰকাশ পায়।

জানিব পৰা অনুসৰি দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰী দলে অভিযান চলাই হেলিকপ্টাৰ আৰু ৰাষ্ট্ৰপতি তথা বৈদেশিক মন্ত্ৰীগৰাকীৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল।

দেওবাৰে ইৰানৰ পূব আজাৰবাইনত সংঘটিত হৈছিল হেলিকপ্টাৰ দুৰ্ঘনা। হেলিকপ্টাৰখনত থকা ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছী আৰু বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানই এক চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি অহাৰ পাছতে ভয়াৱহ দুৰ্ঘটনাত পতিত হৈছিল।

দুৰ্ঘটনাৰ পাছতে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰশাসনৰ সহযোগেত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ ক্ষীপ্ৰ অভিযান চলাইছিল। কিন্তু দুৰ্ভাগ্যৱশতঃ ৰাষ্ট্ৰপতিসহ দুৰ্ঘটনাত পতিত লোকসকলৰ কোনো শুংসূত্ৰ লাভ কৰা নাছিল উদ্ধাৰকাৰী দলে।

মৃত্যু ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছীসহ বৈদেশিক মন্ত্ৰী আমিৰাবাডুল্লাহিয়ানৰ। উদ্ধাৰ অভিযানৰ অন্তত সোমবাৰে এক সূত্ৰত ৰাষ্ট্ৰপতিসহ হেলিকপ্টাৰখনত থকা তেঁওৰ সংগীসকলৰ মৃত্যুৰ কথা প্ৰকাশ পায়।

Leave A Reply

Your email address will not be published.