অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকা আৰু নাই

0 7,815

 নগাঁও জিলাৰ বেবেজীয়াৰ অসম আৰক্ষীৰ জোৱান পৰাগজ্যোতি ডেকা আৰু নাই। যোৱা ১৪ মে’ মংগলবাৰে গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় জোৱানগৰাকীৰ।

মৃত্যুৰ সময়ত পৰাগজ্যোতিৰ বয়স আছিল ২৬ বছৰ। অমায়িক স্বভাৱৰ পৰাগৰ মৃত্যুৰ ঘটনাই নিজ ডিমৌ অঞ্চলত শোকৰ ছাঁ পেলাইছে ।

পৰাগ জ্যোতি ডেকাই অসম আৰক্ষী বেটেলিয়নত নিযুক্তি লাভ কৰা মাত্ৰ পাঁচ বছৰহে সম্পূৰ্ণ হৈছিল । বিগত কিছুদিন ধৰি জ্বৰ আৰু জণ্ডিচ ৰোগত আক্ৰান্ত হৈ থকা জোৱানজনে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লয় ।

এবছৰৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা ডেকাই মৃত্যুৰ সময়ত গৰ্ভৱতী পত্নী, পিতৃ-মাতৃ আৰু দুজন ভাতৃ সমন্বিতে আত্মীয় স্বজনক সংসাৰত এৰি থৈ যায় ।

Leave A Reply

Your email address will not be published.