সন্ধিয়া ভাগত হালধি কিনিলে কি হয়

0 365

হালধি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ। ৰন্ধনৰ পৰা আদি কৰি স্বাস্থ্য আৰু ছালৰ যতনৰ লৈকে হালধিৰ গুৰুত্ব অপৰিসীম। কিন্তু জ্যোতিষশাস্ত্ৰ মতে এই হালধি আপুনি যিকোনো সময়ত ক্ৰয় কৰিব নালাগে।

জ্যোতিষ শাস্ত্ৰৰ মতে, সন্ধিয়াভাগত কেতিয়াও হালধি ক্ৰয় কৰিব নালাগে। কিয়নো সন্ধিয়াভাগত ঋণাত্মক শক্তিবোৰ অধিক শক্তিবোৰ অধিক সক্ৰিয় হয় আৰু ই সহজতে আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰৰ মতে, এনে সময়ত হালধি ক্ৰয় কৰিলে ইয়াৰ গুণাগুণ বহু পৰিমাণে হ্ৰাস পায়।

শাস্ত্ৰত উল্লেখ থকা অনুসৰি, সন্ধ্যা ভাগত ৰাহু-কেতুৰ সংযোগ হৈ থাকে। যাৰ ফলত উদ্ভৱ হয় অশুভ শক্তিৰ। এনে সময়ত যদিহে কোনো লোকে হালধি ক্ৰয় কৰে তেন্তে এই অশুভ শক্তিৰ প্ৰভাৱ হালধিতো পৰে বুলি উল্লেখ আছে।

সন্ধিয়াভাগত হালধি কিনিলে মা লক্ষ্মীও অসন্তুষ্ট হয়। যাৰ ফলত আৰ্থিক সমস্যাৰে জৰ্জৰিত হব পাৰে আপুনি। গতিকে, যদিহে আপুনি জ্যোতিষ শাস্ত্ৰ বিশ্বাস কৰে তেন্তে সন্ধিয়াভাগত এতিয়াৰে পৰা কেতিয়াও নিকিনিব হালধি।

Leave A Reply

Your email address will not be published.