কি হৈছিল কণ্ঠশিল্পী সান্নিধ্য ভূঞাৰ লগত

0 600

মাত্ৰ ৩০ মিনিট সময় পলম হোৱা বাবে অপমানৰ সন্মুখীন হয় জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞা।১২ মে’ত বৰপেটাৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠানত সংঘটিত হয় ঘটনাটো

এই অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল শিল্পিগৰাকীৰ।সময়তকৈ পলমকৈ বিহুতলীত উপস্থিত হোৱাৰ বাবেই মঞ্চতে অপমান কৰে শিল্পীগৰাকীক।

১১ মে’ত শিৱসাগৰত অনুষ্ঠান সামৰি ১২ মে’ত পুৱা বৰপেটা অভিমুখে ৰাওনা হয় শিল্পীৰ দলটো। বৰপেটাত অনুষ্ঠান পৰিৱেশনৰ সময় আছিল নিশা ১০ বজাত আছিল যদিও সান্নিধ্য ভূঞাসহ দলটো বৰপেটাত নিশা ১০.৩০ বজাত উপস্থিত হয়। অনুষ্ঠানত উপস্থিত হোৱা পূৰ্বৰে পৰা শিল্পীৰ দলটোক ফোনযোগে টানকৈ কথা কৈছিল সমিতিৰ সদস্যই।

মঞ্চত উঠাৰ পাচত একাংশ বয়োজ্যেষ্ঠ লোকে শিল্পীজনৰ মেনেজাৰজনক আগুৰি ধৰি গালি-গালাজ দিয়াৰ লগতে এজনে মাৰিবলৈয়ো খেদি যায়।সুৰামত্ত লোকসকলে মেনেজাৰজনক অশ্লীল ভাষাৰে গালি পৰাৰ লগতে আক্ৰমণ কৰিবলৈ বাৰে বাৰে খেদি আহে।দলৰ আন এজন সদস্যই পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও তেওঁকো যথেষ্ট বেয়া মাত মাতি আক্ৰমণ কৰিবলৈ অহা বুলি অভিযোগ কৰে।

ইয়াৰোপৰি কণ্ঠশিল্পীগৰাকীক বাদ্যযন্ত্ৰ ঠিক নহওতেই জোৰ কৰি মঞ্চত উঠাই দিয়া বুলি অভিযোগ কৰিছে তেওঁৰ দলৰ সদস্যই।মঞ্চত উঠা পাছতে কণ্ঠশিল্পী গৰাকীক মঞ্চতে অশ্লীল শব্দৰে গালি গালাজ কৰাৰো অভিযোগ উঠিছে। ঘটনা সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ শিল্পীগৰাকীৰ

Leave A Reply

Your email address will not be published.