১ জুনৰ পৰা বিনামূলীয়া Rapido!

0 1,276

যাত্ৰীসকলৰ বাবে ভা ল খবৰ । আপুনি এট স্থানৰ পৰা আন এটা স্থানলৈ যোৱাৰ বাবে Rapido ব্যৱহাৰ কৰে নেকি ? যদিহে কৰে আপোনাৰ বাবে ভাল খবৰ ১ জুনৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ উঠিব পাৰিব Rapidoত।

পাটনাৰ ডিচি কপিল অশোকে এই ঘোষণা কৰিছে। তেওঁ কয়, ১ জুনত ভোটাৰসকলে পাটনা জিলাৰ দুটা লোকসভা সমষ্টিৰ ৪২৯০টা ভোটকেন্দ্ৰত ৰেপিড’ বুক কৰি ঘৰৰ পৰা ভোট দিবলৈ যাব পাৰিব। ইয়াৰ বাবে কোনো ভাড়া দিব নালাগে। জিলা প্ৰশাসনে এই সুবিধা প্ৰদান কৰিব।

১ জুনত পাটনা জিলাৰ দুটা লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ। পাটনা ছাহিব আৰু পাটলিপুত্ৰ লোকসভা সমষ্টিত ৪২৯০টা ভোটকেন্দ্ৰ থাকিব। এই দুখন আসনৰ পৰা ৫৬জন প্ৰাৰ্থীয়ে মনোনয়ন জমা দিছে। পাটনা ছাহিবৰ পৰা ৩২জনে আৰু পাটলিপুত্ৰৰ পৰা ২৪জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন প্ৰত্যাহাৰৰ দিন ১৭ মে’।

১ জুনত পাটনা জিলাৰ দুখন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ হ’ব। ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে জনসাধাৰণক বিভিন্ন ধৰণে সজাগ কৰা হৈছে। ইয়াৰ উপৰি বিনামূলীয়াকৈ ৰেপিড’ৰ অফাৰ দিয়া হৈছে যাতে ভোটাৰসকলে নিজৰ ঘৰৰ পৰা ওলাই ভোট দিবলৈ যায়। ঘৰৰ পৰা ভোটকেন্দ্ৰলৈ যোৱাৰ বাবে বিনামূলীয়া ৰেপিঅ’ পাব।

ইয়াৰ উপৰি থাকিব আৰু সুবিধা। ১ আৰু ২ জুনত আঙুলিত ভোটৰ চিহ্ন দেখুৱাই চিনেমা হলত ৫০ শতাংশ ৰেহাই পাব।

Leave A Reply

Your email address will not be published.