দক্ষিণ শালমাৰাৰ ৩৫২ নং মহুৰীৰচৰ জে.বি স্কুলত ৮ মাহে ছাত্ৰ-ছাত্ৰীক দূপৰীয়া আহাৰ নিদিয়াৰ অভিযোগ

0 2,390

দক্ষিণ শালমাৰাৰ ৩৫২ নং মহুৰীৰচৰ জে.বি স্কুলৰ প্ৰধান শিক্ষক-পৰিচালনা সমিতিৰ সভাপতিৰ গোপন বুজাবুজি । ৮ মাহে ছাত্ৰ-ছাত্ৰীক দূপৰীয়া আহাৰ নিদিয়াৰ অভিযোগ

দক্ষিণ শালমাৰা শিক্ষাখণ্ডৰ অধীনস্থ ভিতৰুৱা চৰাঞ্চলত থকা ৩৫২ নং মহুৰীৰচৰ জে.বি স্কুলৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতি গোপন বুজাবুজি কৰি বিগত প্ৰায় ৮ মাহ ধৰি ছাত্ৰ-ছাত্ৰীক দূপৰীয়া আহাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য-সদস্যা সকলে।

অভিযোগ অনুসৰি, যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুল ওৱাহাব মি়য়া ছাত্ৰ-ছাত্ৰীক দিয়া নাই দূপৰীয়া আহাৰ । বিভাগীয় নিয়ম অনুসৰি প্ৰতিদিনে শিক্ষাৰ্থী সকলক দূপৰীয়া আহাৰ দিয়াটো বাধ্যতামূলক। কিন্তু প্ৰধান শিক্ষক আব্দুল ওৱাহাব মিয়া আৰু পৰিচালনা সমতিৰ সভাপতি জনে গোপন বুজাবুজিত লিপ্ত হৈ দূপৰীয়া আহাৰৰ নামত চৰকাৰে আৱণ্টন দিয়া চাউল আৰু ধনখিনি আত্মসাত কৰাৰ ফন্দি ৰচনা কৰিছে। ভিতৰুৱা চৰ এলেকাৰ সুযোগ লৈ প্ৰধান শিক্ষক জনে এমাহত এদিন-দুদিনহে ছাত্ৰ-ছাত্ৰীক দূপৰীয়া আহাৰ যোগান ধৰাৰ অভিযোগ তুলিছে বিদ্যালয়খনৰ একাংশ অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য সকলে। লক্ষণীয় যে বিদ্যালয়খনত সাংবাদিক অহাৰ বাবে কোনোমতে দূপৰীয়া আহাৰ প্ৰস্তুত কৰে যদিও ৯৬ জন শিক্ষাৰ্থীৰ বিপৰীতে সামান্য দূপৰীয়া আহাৰ প্ৰস্তুত কৰা ঘটনাই প্ৰধানশিক্ষক জনৰ দূৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে। প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে বিভাগীয় ভাৱে বিহীত ব্যৱস্থা লোৱাৰ দাবী তুলিছে অভিভাৱক আৰু পৰিচালনা সমিতিৰ আন আন সদস্য সকলে।

Leave A Reply

Your email address will not be published.