ইণ্ডোৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৮জন নিহত

0 597

 মধ্যপ্ৰদেশৰ ইণ্ডোৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ইণ্ডোৰৰ বেটমাৰ সমীপৰ ইন্দোৰ-আহমেদাবাদ ঘাইপথত বুধবাৰে মাজনিশা এখন এছ ইউ ভি বাহনখনে ৰৈ থকা ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

বাহনখনৰ ৯জন যাত্ৰীৰ ৮ জন লোকই দুৰ্ঘটনাটোত নিহত হোৱাৰ লগতে এজন লোক আহত হয়। জানিব পৰা মতে নিহতৰ ভিতৰত এজন আৰক্ষী কনিষ্টবল আছিল।

Leave A Reply

Your email address will not be published.