মৃল্যবৃদ্ধিক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ

0 33,366

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মৃল্যবৃদ্ধিয়ে মাধমাৰ সুধাইছে সাধাৰণ জনতাৰ। ইফালে বিদেশী সুৰা বিক্ৰী কৰিবলৈ নিৰিখ জাৰি কৰাক লৈ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ।

বিজেপি চৰকাৰখন অকমণ্য চৰকাৰ, প্ৰলোভনৰ ৰাজনীতিৰে ক্ষমতা দখল কৰিছে বুলি মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই। শাক-পাচলিকে আদি কৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰি কঠোৰ সমালোচনাৰে ঠকা-সৰকা কৰে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে।

কামপুৰত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নিত্য নৈমক্তিক ব্যৱহিত ঔষধৰ দাম বৃদ্ধি কৰাত সাধাৰণ জনতাই ঔষধ অবিহনে ককবকাবলৈ ধৰাত তীব্ৰ ক্ষোভ উজাৰে কৃষক নেতাজনে।

ইফালে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱাই ৰাজকোষৰ ভেটি টনকিয়াল কৰিবলৈ মানুহক মদ‌ খাবলৈ উপদেশ দিয়া চৰকাৰক পুনৰ সুস্থ ভাৱেৰে চিন্তা কৰি মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে সুৰাৰ বিষয়ে সিদ্ধান্ত কৰিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.