বিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত ২৪জনকৈ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

0 3,481

অসম আৰক্ষীৰ ২৪জনকৈ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত

বিহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত

অসম আৰক্ষীৰ ২৪জনকৈ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে দুৰ্ঘটনাটোত । বুধবাৰে ৰাজ্যখনৰ মুজাফপুৰত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

বিহাৰৰ নিৰ্বাচনৰ নিৰাপত্তাৰ দায়িত্বত আছিল জোৱানসকল। অসম আৰক্ষীৰ জোৱান কেইজনে দায়িত্ব শেষ কৰি ঘূৰি অহাৰ সময়তে তেওঁলোকক কঢ়িয়াই অনা বাছখনে এখন ট্ৰাকত খুন্দা মাৰে।

এই দুৰ্ঘটনাত আহত জোৱানসকলৰ ভিতৰত ২ জনৰ অৱস্থা অতি গুৰুতৰ । এই দুৰ্ঘটনা বিহাৰৰ চাক্ৰা আৰক্ষী থানাৰ অন্তৰ্গত সাবাহা কালী মন্দিৰৰ কাষত ২৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।

দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল ৩৬ জনকৈ আৰক্ষী জোৱান। এই জোৱানসকলে বিহাৰৰ সমষ্টিপুৰত নিৰ্বাচনী দায়িত্ব পালন কৰিছিল। তেওঁলোকে সেই দায়িত্ব সামৰি পৰৱৰ্তী ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া আন এটা সমষ্টিলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাৰ মুখামুখী হ’বলগীয়া হয়।

এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে কেইবাজনো জোৱান বাছখনৰ গ্লাছ ভাঙি বাহিৰলৈ ছিটিকি পৰিছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকে ততাতৈয়াকৈ চাক্ৰা ৰেফাৰেল হাস্পতালত আহত আৰক্ষী জোৱানসকলক ভৰ্তি কৰে।

ইয়াৰে তিনিজনৰ অৱস্থা গুৰুতৰ হোৱাত তেওঁলোকক এছ কে এম চি হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, এই জোৱানসকলক মাকুমস্থিত দ্বিতীয় আৰক্ষী বেটেলিয়ান বাহিনীৰ জোৱান।

Leave A Reply

Your email address will not be published.