চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা তিৰুৱনন্তপুৰমত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক

0 911

ঘোষিত হ’ল চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট cbse.gov.incbse.nic.inresults.cbse.nic.in আৰু cbseresults.nic.inত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। চিবিএছই ব’ৰ্ডৰ ফলাফল 2024 results.digilocker.gov.in আৰু umang.gov.inতো উপলব্ধ হৈছে। এই বৰ্ষত চিবিএছই ব’ৰ্ডে দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থানৰ তালিকা জাৰি কৰা নাই।

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৭১২৬টা কেন্দ্ৰত অনুষ্ঠিত কৰা হৈছিল। এই বৰ্ষত মুঠ ১,৬৩,৩৭৩০ গৰাকী শিক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছিল। ইয়াৰ ভিতৰত ১৬২১২২৪ গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই বৰ্ষত মুঠ উত্তীৰ্ণৰ হাৰ ৮৭.৯২ শতাংশ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৩৩ শতাংশ আছিল। এই বৰ্ষত উত্তীৰ্ণৰ হাৰ ০.৬৫ শতাংশ বৃদ্ধি পাইছে।

চিবিএছইৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, । ৯৯.৯১ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত তিৰুৱনন্তপুৰম। ছাত্ৰৰ তুলনাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক। দ্বিতীয় স্থানত আছে বিজয়ৱাড়া। বিজয়ৱাড়াৰ উত্তীৰ্ণৰ হাৰ ৯৯.০৪ শতাংশ।

Leave A Reply

Your email address will not be published.