পৰ্যটনৰ সুবিধাৰ্থে ৱেবচাইট মুকলি বিশ্বনাথত

0 5,698

বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক নবতম সংযোজন।  ঐতিহ্যমণ্ডিত বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰক বিশ্ব দৰবাৰত চিনাকী কৰাৰ লক্ষ্যৰে সংযোজিত কৰা হৈছে এটা ৱেবচাইট।

ছাইনিং গ্ৰীণ আছিয়ানা ৱেলফাৰ ছ’চাইটিৰ সঞ্চালক ড° কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধা জ্যোতি গোস্বামীৰ প্ৰচেষ্টাত মুকলি কৰিছে www.guptakashibiswanath.com নামৰ ৱেবচাইটটো।

এই ৱেবচাইটৰ জৰিয়তে এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰৰ বিভিন্ন মঠ মন্দিৰ, আকৰ্ষণীয় স্থান, বিশ্বনাথৰ বিশাল ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ দৃষ্টি নন্দন দৃশ্য আদিৰ বিষয়ে সবিশেষ জানিব পাৰিব।

লগতে পৰ্যটকসকলে বিশ্বনাথ দৰ্শনৰ বাবে অহা যোৱা কৰাৰ ক্ষেত্ৰত ৰে’ল,বাছ, বিমান আৰু অন্যান্য যাতায়তৰ মাধ্যম আৰু বিশ্বনাথৰ নৈশ যাপনৰ ক্ষেত্ৰত হোটেল ,ৰিজৰ্ট আদিৰ তথ্য লাভ কৰিব পাৰিব।

দেওবাৰে বিহপুখুৰীৰ গ্ৰীণ আছিয়ানা সভা  কক্ষত এই ৱেবচাইটটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকী পৰ্যটন অনুৰাগী উপস্থিত থাকে।   বিশ্বনাথৰ পৰ্যটনৰ দিশত এক নতুন দিগন্তৰ সূচনা হব বুলি আশা প্ৰকাশ কৰিছে পৰ্যটন অনুৰাগীসকলে।

Leave A Reply

Your email address will not be published.