অসমত কাৰ্বন শোষণৰ বাবে ৰোপণ কৰা হব এক কোটি গছপুলি

0 699

অসমত এক কোটি গছপুলি ৰোপণ কৰি ইয়াৰ পৰা কাৰ্বন পৰীক্ষণৰ জৰিয়তে অসমৰ কৃষকক আৰ্থিকভাৱে উপকৃত কৰাৰ বাবে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে । ইতিমধ্যে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ে নতুন দিল্লীৰ শক্তি আৰু সম্পদ প্রতিষ্ঠান (TERI-The Energy and Resources Institute)) আৰু ৰিনিউ পাৱাৰ ছিনাৰিজ প্রাইভেট লিমিটেডৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি এই দিশত আগবাঢ়িছে ।

এই চুক্তিৰ জৰিয়তে অসমৰ বিভিন্ন প্রান্তৰ কৃষকৰ সহযোগত ৰোপন কৰিবলগীয়া গছপুলিবোৰৰ তিনি বছৰৰ পাছত ডাঙৰ হোৱা গছবোৰত জমা হোৱা কার্বন বিশেষ পদ্ধতিৰে মূল্যায়ন কৰা হব । ইয়াৰ পিছত এই ফলাফলৰ ওপৰত ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নির্ধাৰিত দৰত গছৰ গৰাকীক লাভাংশ প্রদান কৰা হ’ব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰি টেৰিৰ বিষয়াসকলে কয় যে এই বৃহৎ সংখ্যক ৰোপনৰ জৰিয়তে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ সমান্তৰালভাৱে এই ক্ষেত্ৰত জড়িত কৃষক সকলো উপকৃত হ’ব । প্রতিজোপা গছৰ বিপৰীতে গছৰ গৰাকীয়ে গছ জীয়াই ৰখাৰ বাবে লাভান্বিত হ’ব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য ড° বিদ্যুৎ চন্দন ডেকাই এই চুক্তিৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্র আৰু কৃষি গবেষণা কেন্দ্রৰ  সহযোগত অসমৰ ১০ খন জিলা বঙাইগাঁও, শোণিতপুৰ, শিৱসাগৰ, যোৰহাট, গোলাঘাট,দৰং, ওদালগুৰি, বাক্সা, নলবাৰী আৰু বৰপেটাত প্ৰাৰম্ভিক পৰ্যায়ত গছপুলি ৰোপণ কৰি এই আঁচনি আগবঢ়াই নিয়া হ’ব বুলি জানিবলৈ দিয়ে ।

Leave A Reply

Your email address will not be published.