কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈৰ বিয়োগ

0 5,701

মাতৃহীন হ’ল জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ। যোৱানিশা মৌচম গগৈৰ মাতৃ লাৱণ্য গগৈৰ দেহাৱসান ঘটে।

নিশা হঠাৎ হোৱা প্ৰেছাৰ ষ্ট্ৰোকৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল লাৱণ্য গগৈক। কিন্তু হাস্পতালত চিকিৎসকে মৃত বুলি ঘোষণা কৰে মৌচম গগৈৰ মাতৃক।

পুৱাই সমাজৰ পৰম্পৰাগত ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰা হয় লাৱণ্য গগৈৰ।উল্লেখ্য যে মাতৃৰ বিয়োগৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত কণ্ঠশিল্পীগৰাকীয়ে পৰিৱেশন কৰিব লগা বিহুৰ সংগীতানুষ্ঠান তিলনি নোহোৱা পৰ্যন্ত বাতিল কৰিছে।

লগতে সংগীতানুষ্ঠান উপস্থিত থাকিব নোৱাৰাৰ বাবে বিহু সমিতিৰ লগতে ৰাইজৰ ওচৰত ক্ষমা-ভিক্ষা খুজিছে কণ্ঠশিল্পী মৌচম গগৈয়ে।

Leave A Reply

Your email address will not be published.