উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিসংগতিক লৈ সৰৱ আপ

0 1,272

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক সমালোচনা ডাঃ ভবেন চৌধুৰীৰ

উত্তীৰ্ণ শিক্ষাৰ্থীলৈ শুভেচ্ছা আপৰ

গুৱাহাটী, ৯ মে’- অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে আজি ফলাফল ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ – ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে আম আদমী পাৰ্টি, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । আনহাতে ফলাফল ঘোষণাৰ ক্ষেত্ৰত বিসংগতিক লৈ সৰৱ হয় আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰী ।দলৰ মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত সভাপতি ডাঃ চৌধুৰীয়ে ফলাফল ঘোষণাৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা বিসংগতিক লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদক সমালোচনা কৰে। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ বুকলেটত বিসংগতিৰ বহু তথ্য বিভিন্ন শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষাৰ্থীয়ে উনুকিয়াই দিছে। ফলাফল সন্নিৱিষ্ট বুকলেট আৰু ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা মাৰ্কশ্বিটৰ সামঞ্জস্য নথকাটোৱে শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিছে। কোনো কোনো শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ নোহোৱা বিষয়তো নম্বৰ পোৱাৰ তথ্য মাৰ্কশ্বিটত উল্লেখ কৰা হৈছে। ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচনৰ ক্ষেত্ৰতো বুকলেট আৰু মাৰ্কশ্বিটত বিসংগতি পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ এনে কাণ্ডজ্ঞানহীনতা কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। এই ঘটনাই ছাত্ৰ – ছাত্ৰীৰ ভবিষ্যত জীৱনকলৈ ৰাজ্য চৰকাৰ যে মুঠেও দায়ৱদ্ধ নহয় তাকেই প্ৰমাণ কৰিছে

Leave A Reply

Your email address will not be published.