গুৱাহাটী নাৰেংগীৰ কেন্দুগুৰিৰ পৰা সীমান্ত দাস নামৰ যুৱকক অপহৰণ

0 3,374

গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। নাৰেংগীৰ কেন্দুগুৰিৰ পৰা এজন যুৱকক অপহৰণ কৰাৰ অভিযোগ। সীমান্ত দাস নামৰ যুৱকজনক এজন নগা যুৱকে অপহৰণ কৰা বুলি পৰিয়ালে নুনমাটি থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেংগীৰ যুৱ নগৰৰ পৰা নগা যুৱক জনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক জন হৈছে ডিমাপুৰৰ জন ওৰফে ৰাজেশ ৰয়। ধৃত যুৱক জনৰ কবলৰ পৰা আৰক্ষীয়ে এটা .22 পিষ্টলো জব্দ কৰিছিল। অবশ্যে আৰক্ষীৰ জেৰাত নগা যুৱক জনে এই পৰ্যন্ত সীমান্ত দাসক অপহৰণ কৰা বুলি স্বীকাৰ কৰা নাই।
উল্লেখ্য যে, নাৰেঙ্গী কেন্দুগুৰীৰ বাসিন্দা সীমান্ত দাসে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি আছিল। যোৱা ৩০ এপ্ৰিলৰ নিশা ১০:৩০ বজাত ওচৰৰ ভাৰাতিয়া জন ওৰফে ৰাজেশ ৰয়ৰ লগত সীমান্তই নাৰেঙ্গী ৰেল ষ্টেচনলৈ ওলাই আহিছিল। সেই দিনৰ পৰা সীমান্ত দাস সন্ধানহীন হৈ পৰে। সীমান্ত সন্ধান হীন হোৱাৰ পিছতে ৰহস্য জনক ভাবে নগা যুৱক জনে কেন্দুগুৰীৰ ভাৰাঘৰ এৰি যুৱ নগৰত নতুনকৈ এটা ভাৰা ঘৰ লয়। যুৱক জনৰ উপৰত সন্দেহ উপজাত সীমান্তৰ পৰিয়ালে জনৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নাৰেঙ্গী যুৱ নগৰত অভিযান চলাই পিষ্টল সহ নগা যুৱক জনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে নগা যুৱক জনক আদালতত হাজিৰ কৰাই পাছ দিনৰ বাবে জিন্মাত লয়। আৰক্ষীৰ জিন্মাত থকা অবস্থাত নগা যুৱক জনে সীমান্তক অপহৰণ কৰা কথা স্বীকাৰ কৰা নাই। আজি আৰক্ষীৰ জিন্মাৰ ম্যাদ উকলি যোৱাত নগা যুৱক জনক আৰক্ষীয়ে আদালতত হাজীৰ কৰাই পুনৰ আৰক্ষী ৰ জিন্মাত অনাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.