ডায়েৰিয়া আৰু কলেৰাৰ ?

0 5,668

ডায়েৰিয়া আৰু কলেৰা ৰোগ হ’লে আপুনি  ঘৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব?ডায়েৰিয়া হ’লে ঘৰুৱাভাৱে কি ঔষধ প্ৰস্তুত কৰি খালে ৰোগ নিৰাময় হয় জানেনে?

ডায়েৰিয়া আৰু কলেৰা ৰোগৰ পৰা কিদৰে দূৰত থাকিব? ডায়েৰিয়া আৰু কলেৰা ৰোগৰ পৰা বাচিবলৈ আপুনি ঘৰত কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব? ডায়েৰিয়া হ’লে ঘৰুৱাভাৱে কি ঔষধ প্ৰস্তুত কৰি খালে ৰোগ নিৰাময় হয় জানেনে?

শেহতীয়াকৈ চাহ বাগিচাৰ লগতে ডিব্ৰুগড়ৰ গ্ৰামাঞ্চলসমূহত দেখা দিয়া ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱক প্ৰতিহত আমি কেনেদৰে কৰিম? এই সন্দৰ্ভত অসম মেডিকেল কলেজ আৰু হাস্পতালৰ অধ্যাপিকা, ডাঃ তুলিকা গোস্বামী মহন্তৰ সৈতে এক সাক্ষাৎকাৰত তেওঁ কয়, পৰিস্কাৰ আৰু বিশুদ্ধ খোৱা পানী সেৱন কৰিব লাগে সকলোৱে। খোৱা পানী উতলাই চেঁচা কৰি খাব লাগে। খোৱা খাদ্যসমূহত মাখি বা ধূলি পৰিব নোৱাৰাকৈ ভালকৈ ঢাকনিৰে ঢাকি ৰাখিব লাগে। যিকোনো কাৰণতে উতলাই নোলোৱা, ফিল্টাৰ নকৰা পানী খাব নালাগে।

খাদ্য খোৱা আৰু ৰন্ধাৰ পূৰ্বে, শৌচাগাৰ ব্যৱহাৰ কৰাৰ পিছত হাত চাবোনেৰে নোধোৱাকৈ নাথাকিব। খাদ্য প্রস্তুত কৰাৰ পূৰ্বে, খোৱাৰ পূৰ্বে, খোৱাৰ পিছত আৰু শৌচ কৰাৰ পিছত চাবোনেৰে ভালদৰে হাত ধুব। শৌচাগাৰ বীজাণুনাশকেৰে চফা নকৰাকৈ নাথাকিব। শৌচ কৰিবৰ বাবে শৌচাগাৰ ব্যৱহাৰ কৰিব। পাকঘৰ, ঘৰৰ মজিয়া, শৌচাগাৰ বীজানুনাশক মিহলি পানীৰে দৈনিক পৰিস্কাৰ কৰিব লাগে। গা ধুবৰ বাবে, খাবৰ বাবে, বাচন ধুবৰ বাবে উতলাই চেঁচা কৰা পানী আৰু এই ৰোগত আক্রান্ত ৰোগীৰ কাপোৰ ধুবৰ বাবে বীজাণুনাশক মিহলি পানী ব্যৱহাৰ কৰিব লাগে।

আক্রান্ত ব্যক্তিৰ ব্যৱহৃত কাপোৰ-কানি, বাচন, বীজাণুনাশক পানীৰে ধোৱাৰ পিছতো হাত চাবোনেৰে ধুব লাগে। কেচুৱাৰ শৌচ পায়খানাত পেলাব আৰু শৌচ চাফা কৰাৰ পিছত হাত চাবোনেৰে ধুব লাগে। হাতৰ নখ চুটিকৈ ৰাখিব লাগে। ডায়েৰিয়াত আক্রান্ত ব্যক্তি সুস্থ হোৱাৰ ৭ দিনলৈকে নিজকে আছুতীয়াকৈ ৰাখিব লাগে। শাক-পাচলি, ফল-মূল গৰম পানীৰে ধুই ব্যবহাৰ কৰিব লাগে। বাকলি নুগুচোৱাকৈ ফলমূল, কেঁচা শাক-পাচলি, চালাদ আদি নাখাব।

এই সময়ত মিছামাছ, কেঁকোৰা, শামুক আদি নোখোৱাটোৱে ভাল। মুকলি ঠাইত শৌচ নকৰিব আৰু কেছুৱাৰ শৌচ নেপেলাব। খোৱা পানীৰ উৎসৰ ওচৰত শৌচ-প্রস্রাব নকৰিব, বাচন, গা বা কাপোৰ নুধুব। ৰাস্তা ঘাটত উপলব্ধ খাদ্য যেনে চিঙৰা, পকৰি, ফুচকা ইত্যাদি নাখাব। ডায়েৰিয়া হ’লে আপুনি ঘৰতে কিছুমান ঔষধ প্ৰস্তুত কৰি খালে নিৰাময় হোৱাৰ সম্ভাৱনা থাকে।

ডায়েৰিয়াত অ’ আৰ এছ এবিধ মহৌষধ। ১ লিটাৰ পানী উতলাই চেঁচা কৰি তাত ১ পেকেট অ’ আৰ এছ মিহলাই ঢাকি ৰাখি তাক ২৪ ঘণ্টাৰ ভিতৰত সেৱন কৰাটো সমীচিন। যদিহে কোনো কাৰণত অ’ আৰ এছ উপলব্ধ নহয় তেন্তে ১ লিটাৰ মিনাৰেল পানীৰ বটলৰ জোখাৰে পানী লৈ উতলাই চেঁচা কৰি তাত দুই চাহ চামুচ চেনী আৰু ১ চাহ চামুচ নিমখ মিহলাই ঘৰতে সহজে অ’ আৰ এছ প্ৰস্তুত কৰিব পাৰি।

Leave A Reply

Your email address will not be published.