সোমবাৰে দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

0 22,232

আজি ৬মে। কাইলৈ দেশৰ ৯৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ১৩৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত। অসমৰ ৪০টা বিধানসভা সমষ্টি আগুৰি থকা ৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হব লগা এই নিৰ্বাচনত ৪৭গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ, ধুবুৰীত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ । ৪৭জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮১,৭৭,২০৭ ভোটাৰে।

অসমৰ কোন সমষ্টিত কেইজন প্ৰাৰ্থীঃ-

কোকৰাঝাৰ (এছ টি)

প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১২গৰাকী

• খাম্ফা বৰগৰায়ী- বিপিএফ

• গৰ্জন মুছাহাৰী- কংগ্ৰেছ

• জয়ন্ত বসুমতাৰী- ই পি পি এল

• গৌৰীশংকৰ শৰণীয়া- তৃণমূল কংগ্ৰেছ

• বিনীতা ডেকা- গণ সুৰক্ষা পাৰ্টি

• ললিত পেগু- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

• অজয় নাৰ্জাৰী- নিদৰ্লীয়

• জ্যোতিষ কুমাৰ দাস- নিদৰ্লীয়

• তিপ্তীনা ৰাভা- নিদৰ্লীয়

• পংকজ ইছলাৰী- নিদৰ্লীয়

• পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ- নিদৰ্লীয়

• ৰণজয় কুমাৰ ব্ৰহ্ম- নিদৰ্লীয়

ধুবুৰী

প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা- ১৩গৰাকী

• জাবেদ ইছলাম- অসম গণ পৰিষদ

• মহম্মদ বদৰুদ্দিন আজমল- এ আই ইউ ডি এফ

• ৰকিবুল হুচেইন- কংগ্ৰেছ

• এছ এম জাইৰুল হক- ভাৰতীয় গণ পৰিষদ

• সুৰত জামান মণ্ডল- চচিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া

• তাহিদুৰ ৰহমান- ভোটাৰছ পাৰ্টি ইন্টাৰনেচনেল

• ৰাধাৰাণী বিশ্বাস- হিন্দু সমাজ পাৰ্টি

• ৰেজাওল কৰিম- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

• হুকুৰ আলী- অসম গণ মৰ্চা

• হাফিজ বুৰহানুদ্দিন- দ্য নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়া

• অলকেশ ৰয়- নিদৰ্লীয়

• ফাৰুক খান- নিদৰ্লীয়

• বিশ্বজিত ৰয়- নিদৰ্লীয়

বৰপেটা

প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ১৪গৰাকী

• দীপ বায়ন- কংগ্ৰেছ

• ফণীভূষণ চৌধৰী- অসম গণ পৰিষদ

• মনোৰঞ্জন তালুকদাৰ- চি পি আই এম

• হামিজ উদ্দিন- বি পি এফ

• আবু বক্কৰ চিদ্দিকী- ৰাষ্ট্ৰীয় ওলেমা কাউন্সিল

• আবুল কৰিম আজাদ- তৃণমূল কংগ্ৰেছ

• আমজাদ আলী- ৰিপ্লাবিকান পাৰ্টি অৱ ইণ্ডিয়া

• চিত্ৰলেখা দাস –ছচিয়েলিষ্ট চেন্টাৰ অৱ ইণ্ডিয়া

• শ্বাহজাহান আলী খান- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

• আইনুল হক- নিৰ্দলীয়

• জগন্নাথ ৰয়- নিদৰ্লীয়

• দুলু আহমেদ- নিদৰ্লীয়

• দেৱান মহিবুল ইছলাম- নিদৰ্লীয়

• মাতিৱাৰ ৰহমান- নিদৰ্লীয়

গুৱাহাটী

প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা- ৮গৰাকী

• বিজুলী কলিতা মেধি- বিজেপি

• মীৰা বৰঠাকুৰ গোস্বামী- কংগ্ৰেছ

• অমিতাভ শৰ্মা- একমত সনাতন ভাৰত দল

• ছিজন গয়াৰী- বহুজন মহা পাৰ্টি

• দিলীপ কুমাৰ বড়ো- ভোটাৰছ পাৰ্টি ইণ্টাৰনেচনেল

• ছামাদ চৌধুৰী- ভাৰতীয় গণ পৰিষদ

• কাজি নেকিব আহমেদ- নিদৰ্লীয়

• গকুল চন্দ্ৰ সিনহা- নিদৰ্লীয়

Leave A Reply

Your email address will not be published.