স্মৃতি দিৱসত অজাপই ঘোষণা কৰিলে ‘ডঃ ময়িদুল ইছলাম বৰা জাতীয় কৃষ্টি বাহিনী’ আৰু সুধালতা দুৱৰাৰ নামেৰে ‘সুধা বাহিনী’

0 687

গুৱাহাটীৰ ৫ মে’ : প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰা আৰু প্ৰথম অসমীয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ( প্ৰাক্তন ভাৰপ্ৰাপ্ত উপাচাৰ্য, ঢাকা বিশ্ববিদ্যালয়) তথা ডক্টৰেট আৰু অসম সাহিত্য সভাৰ ১৯৪০ চনৰ যোৰহাট অধিবেশনৰ সভাপতি ময়িদুল ইছলাম বৰাৰ পবিত্ৰ স্মৃতি দিৱস আজি অসম জাতীয় পৰিষদে দলৰ মুখ্য কাৰ্যালয়ত পালন কৰে। ১৯২৮ চনৰ ৫ মে’ত সুধালতা দুৱৰা আৰু ১৯৪৪ চনৰ এই একেটা দিনতে ডঃ ময়িদুল ইছলাম বৰাই ইহলীলা সম্বৰণ কৰিছিল।

অসম জাতীয় পৰিষদে এই দুয়োগৰাকী মহান অসমীয়াৰ পবিত্ৰ স্মৃতিত আজি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।আজি দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু মুখ্য উপদেষ্টাদ্বয় ডঃ কৃষ্ণগোপাল ভট্টাচাৰ্য্য আৰু বসন্ত ডেকাই সুধালতা দুৱৰা আৰু ডঃ ময়িদুল ইছলাম বৰাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধা জনায়৷

অনুষ্ঠানত এই দুইয়োগৰাকী মহান অসমীয়াৰ বৰ্ণাঢ্য কৰ্মময় জীৱনৰ এক অতি সুন্দৰ আলোকপাত দাঙি ধৰা হয়। যিটো সময়ত ভাৰতীয় উপমহাদেশৰ এই সমগ্র অঞ্চলটোতে স্ত্ৰী শিক্ষা সম্পৰ্কত কোনো সামাজিক সচেতনতা নাছিল তেনে সময়ত ১৯১৯ চনতে বেথুন কলেজৰ পৰা সুধালতা দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯২১চনত সংস্কৃত বিষয়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছিল। তেওঁ এলাহাবাদৰ ক্ৰচৱেইট কলেজৰ অধ্যক্ষৰ দায়িত্বত থকা সময়তে ছাত্ৰী সকলৰ এটি গোট গঠন কৰি জনসাধাৰণৰ প্ৰতি বিভিন্ন দিশত সেৱা আগবঢ়াইছিল। অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হোৱা এই গোটটিক সকলোৱে ‘সুধা বাহিনী’ বুলি সম্বোধন কৰিছিল।

আনহাতে ফাৰ্চী কবি আমীৰ হাছানৰ ওপৰত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ডঃ ময়িদুল ইছলাম বৰাই ঢাকা বিশ্ববিদ্যালয়ত যোগদান কৰি পৰৱৰ্তী সময়ত ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব পালন কৰিছিল। “মুছলমান হ’লেও অসমীয়া মোৰ প্ৰথম পৰিচয়” বুলি সদায় গৌৰৱ কৰা ডঃ ময়িদুল ইছলাম বৰাই মাত্ৰ ৪১ বছৰ বয়সতে অসম সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৱেই হৈছে এতিয়ালৈকে হোৱা অসম সাহিত্য সভাৰ সভাপতি সকলৰ ভিতৰৰ কণিষ্ঠতম সভাপতি।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ পিছতে অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টাদ্বয় বসন্ত ডেকা আৰু ডঃ কৃষ্ঞগোপাল ভট্টাচাৰ্য্যই এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত নেতাদ্বয়ে কয় যে দুগৰাকী মহান অসমীয়াৰ পবিত্ৰ স্মৃতি দিৱসৰ আজিৰ এই দিনটোত অসম জাতীয় পৰিষদে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰিব বিচাৰিছে। অসম জাতীয় পৰিষদ অসমৰ মাটিত জন্ম হোৱা অসমৰ দল। অসমৰ ঐতিহ্য-পৰম্পৰা, ভাষা-কৃষ্টিৰ ক্ষেত্ৰত দল সকলো সময়তে সচেতন। যিকোনো পৰিস্থিতিতে অসমৰ স্বাৰ্থৰ হকে নিৰৱচ্ছিন্নভাবে যুঁজিবলৈ দল সদায় প্ৰস্তুত। জাতিধ্বংসী কা’ আইন আমি কেতিয়াও মনা নাই আৰু নামানো।

এই আইনে আমাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। শেহতীয়াভাবে বিজেপি চৰকাৰৰ চাকমা আৰু হাজং শৰণাৰ্থীক অসমত সংস্থাপিত কৰাৰ ষড়যন্ত্ৰ ফাদিলৰ ঘটনাই এই ভাবুকি অধিক তীব্রতৰ কৰিছে। এই ষড়যন্ত্ৰ ফাদিল হোৱাৰ লগে লগে অসম জাতীয় পৰিষদে ইয়াৰ তীব্র বিৰোধিতা কৰিছে। নতুনকৈ অসমৰ মাটিত বিদেশীক সংস্থাপন দিব বিচৰা যিকোনো কার্য কোনোপধ্যেই মানি লোৱা নহ’ব।

সৰ্বশক্তিৰে ইয়াৰ বিৰোধিতা কৰা হ’ব । সমান্তৰালভাৱে অসমৰ অস্তিত্বৰ সৈতে জড়িত আমাৰ ভাষা-কৃষ্টিৰ সুৰক্ষা আৰু বিকাশৰ বাবে এক সুকীয়া গোট গঠন কৰিবলৈ দলে ইতিমধ্যে পৰিকল্পনা সম্পূৰ্ণ কৰিছে। প্ৰস্তাৱিত এই গোটটি আজিৰ এই পবিত্ৰ দিনটিত “ডঃ ময়িদুল ইছলাম বৰা জাতীয় কৃষ্টি বাহিনী” হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

আনহাতে অসমৰ নাৰী সমাজৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে সঠিক আৰু প্ৰয়োজনত আইনী পৰামৰ্শ দিয়াৰ বাবে প্ৰতিটো নিৰ্দিষ্ট বিষয়ৰ বিশেষজ্ঞ তথা প্ৰশিক্ষণপ্ৰাপ্ত মহিলাৰ দ্বাৰা এক বিশেষ মহিলা গোট গঠন কৰিবলৈও পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে সৰলতা অথবা অজ্ঞতাৰ বাবে বহুক্ষেত্ৰত বহু মহিলা ঠগ আৰু প্ৰবঞ্চনাৰ বলি হ’ব লগা হয়। চলিত লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতেই ‘অৰুণোদয় আঁচনি’ৰ ফৰ্ম বুলি শাসকীয় বিজেপি দলে এখন দলীয় ফৰ্মৰ দ্বাৰা মহিলা ভোটাৰ সকলৰ বাবে এক ঠগ আৰু প্ৰবঞ্চনাৰ জাল সৃষ্টি কৰিছিল। সকলোৰে ব্যাপক বিৰোধিতাৰ বাবে নিৰ্বাচন আয়োগেও ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু আচৰিত ভাৱে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো বিজেপি দলে একেখন নকল ফৰ্ম সকলো ঠাইতে চলাই থাকিল।

আনকি খোদ গুৱাহাটী মহানগৰতে এই প্ৰতাৰণাৰ জাল পুনৰ মেলিবলৈও বিজেপি দলক কুণ্ঠাবোধ কৰা দেখা নগ’ল। প্ৰস্তাৱিত মহিলা গোটটিয়ে এনেবোৰ বিষয়ত প্ৰয়োজনীয় তাৎক্ষণিক পৰামৰ্শ আগবঢ়াব।

আজিৰ এই পবিত্ৰ দিনটিত সুধালতা দুৱৰাৰ সোৱৰণত এই মহিলা বিশেষজ্ঞ গোটটিৰ নাম ‘ সুধা বাহিনী’ হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

শেষত নেতাদ্বয়ে শীঘ্ৰে ‘ ডঃ ময়িদুল ইছলাম বৰা জাতীয় কৃষ্টি বাহিনী’ আৰু ‘সুধা বাহিনী’ গঠনৰ বাবে একো গৰাকীকৈ মুখ্য সমন্বয়কক দায়িত্ব অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.