ৰকিবুল হুচেইনৰ পুত্ৰই চলালে নিৰ্বাচনী প্ৰচাৰ

0 6,687

 হাটশিঙিমাৰীত এন.এছ.ইউ.আইৰ সমাৰোহত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন নিৰ্বাচনী প্ৰচাৰ । নাবালক স্কুলীয়া ছাত্ৰ-ছাত্ৰী ব্যৱহাৰ কৰি কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ । মানকাচৰত গৰাখহনীয়াৰ প্ৰতিৰোধ, ৰাস্তা, চাকৰি, মাল্টি স্পেচিয়েল মেডিকেল নিৰ্মাণৰ গেৰাণ্টি ৰকিবুল পুত্ৰ তানজিলৰ । দিল্লীত এইবাৰ ইণ্ডিয়া এলাইঞ্চৰ চৰকাৰ হলে ছমাহৰ ভিতৰত দিছপুৰত কংগ্ৰেছৰ চৰকাৰ হব।

মানকাচৰ এন.এছ.ইউ.আই আৰু যুৱ কংগ্ৰেছৰ উদ্যোগত শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত হাটশিঙিমাৰীত অনুষ্ঠিত হয় নিৰ্বাচনী সমাৰোহ। এই সমাৰোহত ৰকিবুল হুছেইনৰ পুত্ৰ তথা সৰ্বভাৰতীয় এন.এছ.ইউ.আইৰ সম্পাদক তানজিল হুছেইনৰ লগতে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, মানকাচৰৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল আৰু অসম কংগ্ৰেছ সংখ্যালঘু বিভাগৰ সম্পাদক মহিবুৰ ৰহমান বাপ্পি উপস্থিত আছিল।

তাৎপৰ্যপূৰ্ণ ভাৱে মানকাচৰ যুৱ কংগ্ৰেছ আৰু এন.এছ.ইউ.আইৰ সমাৰোহত কমবয়সীয়া নাবালক ছাত্ৰ-ছাত্ৰীক দেখা পোৱা গল। মানকাচৰ সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা নাবালক ছাত্ৰ-ছাত্ৰী সকলক কংগ্ৰেছ কৰ্মী সকলে আনি বহু সময় বহুৱাই ৰাখি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সমাৰোহখনত বিধায়ক নুৰুল হুদা আৰু ৰকিবুল পুত্ৰ তানজিল হুছেইন ভাষণ প্ৰদান কৰি কংগ্ৰেছৰ হাত শক্তিশালী কৰিবলৈ উপস্থিত যুৱক-যুৱক আৰু নাবালক স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।

Leave A Reply

Your email address will not be published.