শিৱসাগৰৰ বিধায় অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী

0 915

অখিল গগৈলৈ নিৰ্বাচন আয়োগৰ কাৰন দৰ্শোৱাৰ জাননী। বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কৰা মন্তব্যক লৈ AIUDFৰ সাধাৰণ সম্পাদক ছিদ্দিক আলী ঠাকুৰীয়াৰ অভিযোগৰ ভিত্তিত ৪৮ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে। যোৱা বৃহস্পতিবাৰে গগৈৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত গোচৰ তৰিছিল এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

এ আই ইউ ডি এফে দাখিল কৰা অভিযোগ অনুসৰি, ভিত্তিহীন কিছু কথাৰে মানুহক বিপথে পৰিচালিত কৰা মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ তেনে কাৰ্যই জনমানসত এগৰাকী ব্যক্তিৰ সামাজিক প্ৰতিচ্ছবি বিনষ্ট কৰে বুলি এ আই ইউ ডি এফে অভিযোগ উত্থাপন কৰিছে।

বিগত কেইটামান দিন ধৰি অখিল গগৈয়ে ধুবুৰীত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। লোকসভা সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুচেইনৰ হৈ ভিন্ন প্ৰান্ত বিশাল বিশাল জনসভা সম্বোধন কৰিছে শিৱসাগৰৰ বিধায়কগৰাকীয়ে।

Leave A Reply

Your email address will not be published.