কোভিড ভেকচিনৰ প্ৰমাণ পত্ৰৰ পৰা আঁতৰিল প্ৰধানমন্ত্ৰী মোডীৰ ফটো

0 8,910

“ঐক্যবদ্ধভাৱে ভাৰতে ক’ভিড-১৯ক পৰাস্ত কৰিব”। ডাউনলোড হৈ থকা সকলো নতুন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী মোডীৰ ছবি দেখা নাযাব।
ব্ৰিটেইনৰ আদালতত ভেকচিন নিৰ্মাতা এষ্ট্ৰাজেনেকাৰ প্ৰৱেশৰ পিছত কোভিশ্বিল্ডৰ থ্ৰম্ব’ছিছৰ লগতে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (টিটিএছ)ৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়েও বিষয়ে চৰ্চা চলিছে। এই বিৰল পাৰ্শ্বক্ৰিয়াসমূহৰ ভিতৰত তেজ জমা হোৱা আৰু হাৰ্ট এটেক আদি উল্লেখযোগ্য। এই নতুন তথ্য পোহৰলৈ অহাৰ পিছত বহু লোকে নিজৰ প্ৰমাণ পত্ৰ পৰীক্ষা কৰি আছিল। তাৰমাজতে প্ৰধানমন্ত্ৰী মোডীৰ ছবিখন আঁতৰাই দিয়া হৈছে।ছ’চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোডীক ট্ৰ’ল কৰা দেখা গৈছে। মানুহে কয় যে ভেকচিনৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহাৰ পিছতে প্ৰধানমন্ত্ৰী মোডীৰ ছবিখন আঁতৰাই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.