ONGC ৰ তৈল-গেছ পৰিবাহী পাইপ ফুটিল দিচাংপানীত

0 3,362

মঙলবাৰে পুৱা দিচাংপানী ONGC ৰ বিএম 11 তেলখাদৰ পৰা লাকুৱা ৮ নং জিজিএচ লৈ তেলগেছ পৰিবাহী পাইপ ফুটি তেলগেছ নিৰ্গত হৈ দিচাং নৈত পৰে।

ফলত নৈত থকা কণীযুক্ত মাছৰ লগতে অন্য জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আহি পৰিছে।

সদাব্যস্ত অভয়পুৰ চেপন সংযোগী পথৰ দিচাং নৈৰ দিচাংপানী দলঙৰ লগত থকা পাইপ ফুতি তেলগেছ নিৰ্গত হোৱা সন্দৰ্ভত স্থানীয় লোকে কয় যে,একমাত্ৰ প্ৰতিকূল বতৰৰ বাবে দিচাংপানী শ্যাম গাঁও ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিছে। ঘটনাস্থলিত ONGC ৰ লোক উপস্থিত হৈ মেৰামতি কৰাৰ চেষ্টা কৰিছে যদিও সম্পূৰ্ণ বন্ধ কৰিব পৰা নাই।

Leave A Reply

Your email address will not be published.