অস্ত যাব বৃহস্পতি! নতুন চাকৰি, ধন লাভৰ প্ৰৱল যোগ ৩ৰাশিৰ ভাগ্যত

0 22,321


মেষ ৰাশি
এই ৰাশিৰ দ্বিতীয় কক্ষত বৃহস্পতি অস্ত যাব। মেষ ৰাশিৰ জাতকৰ জীৱনত বিশেষ নেতিবাচক প্ৰভাৱ নাথাকিব। ইয়াৰোপৰি চাকৰিৰ সন্ধানত যিসকল আছে তেওঁলোকলৈকো সাফল্য় আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা শুনিব। বেতনবৃদ্ধি আৰু বোনাছো লাভ কৰিব পাৰে। ইয়াৰোপৰি কোনো ডাঙৰ দায়িত্বও পাব পাৰে। ব্য়ৱসায়ত প্ৰচুৰ মুনাফা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। বিদেশৰ পৰা ধন লাভৰ যোগ। ইয়াৰোপৰি সম্পত্তি লাভৰো যোগ আছে। ভৱিষ্যতৰ বাবে অৰ্থ সঞ্চয় কৰিব। স্বাস্থ্য ভালে থাকিব।

কৰ্কট ৰাশি
বৃহস্পতিৰ অস্ত দশা কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ। এই সময়ত কৰ্কটৰ জাতকৰ জীৱনত ধীৰগতিত পৰিবৰ্তন আহিব। যি কামতেই হাতত নিদিয়ক কিয় সফলতা লাভ কৰিবই। ব্যৱসায়ীৰ প্ৰচুৰ লাভ। সমস্ত ক্ষেত্ৰত সাফল্য় লাভ সম্ভৱ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। স্বাস্থ্য ভালে থাকিব। বৃহস্পতিৰ আশীৰ্বাদত দীৰ্ঘদিন ধৰি হৈ থকা কোনো ৰোগ দূৰ হ’ব। দাম্পত্য আৰু প্ৰেম জীৱনৰ বাবে এই সময় শুভ।

তুলা ৰাশি
তুলা ৰাশিৰ জাতকে বৃহস্পতিৰ অস্ত দশাত ভাল খবৰ লাভ কৰিব। এই ৰাশিৰ অষ্টম স্থানত বৃহস্পতি অস্ত যাব। এই ৰাশিৰ জাতকে ব্যৱসায়, চাকৰিত প্ৰচুৰ লাভ অৰ্জন কৰিব। কেৰিয়াৰত ভাল ফল লাভ কৰিব। নতুন চাকৰিৰ সন্ধানত থকাসকল লাভাম্বিত হ’ব। ব্যৱসায়ীসকলেও প্ৰচুৰ মুনাফা অৰ্জন কৰিব। আকস্মিক ধন লাভৰ ওপৰিও অৰ্থ সঞ্চয়তো সফল হ’ব। প্ৰেম জীৱন শুভ। প্ৰেম বিবাহত সফল হ’ব। অবিবাহিতাই বিবাহৰ প্ৰস্তাৱ পাব পাৰে।

Leave A Reply

Your email address will not be published.