কংগ্ৰেছ দল ত্যাগ কৰিলে অৰবিন্দ সিং লাভলীয়ে

0 2,359

নিৰ্বাচনী ধামখুমীয়াৰ মাজতে দল ত্যাগ কৰিলে দিল্লী কংগ্ৰেছৰ মুৰব্বী অৰবিন্দ সিং লাভলীয়ে। আম আদমী পাৰ্টিৰ সৈতে কৰা মিত্ৰতাৰ বাবে দলৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰাৰ কথা উল্লেখ কৰে কংগ্ৰেছ নেতা অৰবিন্দৰ সিং লাভলীয়ে।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধক্ষ্য মল্লিকাৰ্জুন খাৰ্গেলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত লাভলীয়ে আপৰ সৈতে কৰা মিত্ৰতাৰ বাবে তেওঁ নিজকে “অক্ষম” অনুভৱ কৰাৰ বাবে দল ত্যাগ কৰাৰ কথা উল্লেখ কৰে।

দুৰ্নীতিৰ অভিযোগত আপৰ কেইবাজনো মন্ত্ৰী জেলত থকাৰ পিছতো দলীয় কৰ্মীৰ বিৰোধিতাৰ মাজতে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিৰ সৈতে মিত্ৰতা কৰাত অসন্তুোষ্টি প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.