দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বেয়া খবৰ

0 5,577

 দেশৰ কোটি কোটি হোৱাটছএপ ব্যৱহাৰকাৰীলৈ বেয়া খবৰ। ভাৰতত উপলব্ধ নহ’ব হোৱাটছএপ! ভাৰত এৰি যাবগৈ মেটাৰ অধীনস্থ হোৱাটছএপে। দিল্লী উচ্চ ন্যায়ালয়ক এই বিষয়ে জনাই দিছে মেটাৰ আইনী দিশৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াই। হোৱাটছএপে ভাৰত এৰি যোৱাৰ ইচ্ছা কৰাৰ আঁৰত আছে ইয়াক ব্যৱহাৰ কৰা কোটি কোটি ব্যৱহাৰকাৰীৰ গোপনীয়তা সংক্ৰান্তিয় কাৰণ।

উল্লেখ্য যে, ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা তথ্যপ্ৰযুক্তি নিয়মৰ গোচৰত নিজৰ অৱস্থান স্পষ্ট কৰিছে হোৱাটছএপে। তেওঁলোকে ন্যায়ালয়ত জনাইছে, ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ নিশ্চয়তাৰ কাৰণেই হোৱাটছএপ ব্যৱহাৰ কৰে মানুহে। সেয়ে সেই গোপনীয়তা ৰক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে তেওঁলোকে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ইনফ’ৰ্মেচন টেকনলজি ৰুল, ২০২১ ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। তাত কোৱা হৈছিল টুইটাৰ (বৰ্তমানৰ এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদি সামাজিক মাধ্যমসমূহে নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজনত চ্যাট অনুসৰণ কৰি কোনো ভাইৰেল তথ্যৰ উৎসও সন্ধান কৰিব লাগিব।

হোৱাটছএপত end to end encryption পৰিসেৱাৰ ব্যৱস্থা আছে। এই পৰিসেৱাৰ বাবেই যিকোনো এজন ব্যক্তিৰ চ্যাট সংশ্লিষ্ট ব্যৱহাৰকাৰীৰ মাজতেই সীমাবদ্ধ থাকে। তৃতীয় পক্ষই সেই চ্যাটৰ তথ্য লাভ নকৰে।

আনকি হোৱাটছএপৰ মূল সংস্থা মেটাও সেই চ্যাট পঢ়িব নোৱাৰে। কিন্তু ভাৰত চৰকাৰৰ নতুন নিয়মে প্ৰয়োজনত হোৱাটছএপৰ এই গোপনীয়তা ভাঙিবলৈ কোৱা হৈছে। কিন্তু হোৱাটছএপে এই নিয়ম ভংগ কৰিবলৈ অস্বীকাৰ কৰিছে।

দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা এক শুনানিত উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু ন্যায়াধীশ মনপ্ৰীত প্ৰীতম সিং আৰোৰাৰ বিচাৰপীঠক হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে তেওঁলোকে যি পদ্ধতিত গোপনীয়তা ৰক্ষা কৰে সেই পদ্ধতি ভংগ কৰা সম্ভৱ নহয়। তেওঁলোকে কয়, তেনে কৰিলে মেচেজৰ এক দীঘলীয়া তালিকা দীঘলীয়া সময়ৰ বাবে ৰাখিব লাগিব। কাৰণ কেতিয়াবা কোনোবা মেচেজৰ তথ্য জনাৰ প্ৰয়োজনীয়তা আহি পৰিলে সেই তালিকাৰ পৰা তথ্যৰ সন্ধান কৰিব লাগিব। এনে কৰিবলগীয়া হলে লাখ লাখ মেচেজ বছৰ বছৰ ধৰি সংৰক্ষণ কৰি ৰাখিব লাগিব। যি অসম্ভৱ।

যদি কেন্দ্ৰৰ নতুন তথ্য প্ৰযুক্তি নিয়ম মানিবলৈ হোৱাটছএপক বাধ্য কৰিবলৈ চেষ্টা কৰা হয় তেন্তে প্ৰয়জোনত এই প্ৰতিষ্ঠানটোৱে ভাৰত এৰি যাবলৈও সাজু হৈছে। তথাপিও তেওঁলোকে এই নিয়ম মানিবলৈ সাজু নহয়।

Leave A Reply

Your email address will not be published.