শিৱসাগৰত পথ দুঘটনাত মৃত্যু জনপ্ৰিয় ইউটুবাৰ অংকুৰ ৰাজ শৰ্মাৰ

0 1,026

শিৱসাগৰ চহৰত বুধবাৰে নিশা সংঘটিত এক পথ দুৰ্ঘটনাত জনপ্ৰিয় ইউ টিউবাৰ, অভিনেতা তথা সামাজিক মাধ্যমত সক্ৰিয় হৈ থকা যুৱক অংকুৰ ৰাজ শৰ্মাই  প্ৰাণ হেৰুৱাই। জানিবপৰা মতে আজি নিশা জনপ্ৰিয় ইউ টিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ  দৰিকাপাৰৰ দিশৰ পৰা শিৱসাগৰ চহৰৰ দিশে এ এছ ০৩ কিউ ৭০৪৮ নম্বৰ এখন বুলেটেৰে আহি থকা অৱস্থাত এন আৰ এল পেট্ৰল পাম্পৰ সন্মুখত পথৰ কাষত পথালিকৈ ৰখাই থোৱা এ এছ ০৪ বি চি ৪৫৮৫ নম্বৰ এখন টাটা এচি বাহনত খুন্দা মৰাত গুৰুতৰ ভাবে আহত হয়।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত অংকুৰ ৰাজক ঘটনাস্থলীত উপস্থিত থকা লোকে উদ্ধাৰ কৰি সমীপতে থকা সম্প্ৰীতি নাৰ্ছিং হোমলৈ আনে যদিও চিকিৎসক নথকা কথা দোহাই দি নাৰ্ছিং হোমখনে চিকিৎসা নকৰিলে। উপায়হীন হৈ তেওঁক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তেওঁ মৃত বুলি ঘোষণা কৰে। 

Leave A Reply

Your email address will not be published.