তামুলপুৰ জিলাৰ বিমলানগৰত বন্য হস্তীৰ আক্ৰমণত নিহত জগদীশ নমঃ শৰ্মা

0 4,444,468

তামুলপুৰ জিলাৰ বিমলানগৰত নিশা অকলশৰীয়া বনৰীয়া হাতী এটাই আহি লোক জনৰ ঘৰৰ কাষতে আক্ৰমণ কৰি পেলাই থৈ যায় পথাৰত। বন্য হস্তীৰ আক্ৰমণত নিহত জগদীশ নমঃ শৰ্মা

নিশা বন বিভাগ আৰু ৰাইজে হাতী খেদা সময়তে সংঘটিত হয় এই ঘটনা। ঘটনা সংঘটিত হোৱাত ৰাইজৰ মাজত লাগে হুৱাদুৱা ৷

ই আজি পুৱা ঘটনাস্থলীতআৰক্ষীৰ লোক বনবিভাগৰ বিষয়া উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ আনি মৰনোত্তৰ কৰাৰ বাবে মুছলপুৰলৈ প্ৰেৰন কৰে ৷ আজি পুৱা BTR ৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে ঘটনাৰ খা- খবৰ লৈ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদন জনায় ৷ অকলশৰীয়া হাতীটোকলৈ এতিয়া চিন্তিত সীমান্ত অঞ্চলৰ ৰাইজ ।

Leave A Reply

Your email address will not be published.