মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সৰৱ আপ

0 2,250

উচ্চ হাৰত মুদ্ৰাস্ফীতিৰ ফলত অতিষ্ঠ হৈছে ৰাজ্যবাসী-ডাঃ ভবেন চৌধুৰী

ৰাষ্ট্ৰীয় হাৰতকৈও উৰ্দ্ধগামী অসমৰ মুদ্ৰাস্ফীতিৰ হাৰ

ৰাজ্যত আলুৰ দাম বৃদ্ধিৰ বিপৰীতে ন্যূনতম মূল্য নাপাই কৃষকৰ আত্মহত্যা

“শেহতীয়া ভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ৮০০ বিধতকৈ অধিক জীৱন দায়িনী ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ সংকট কঢ়িয়াই আনিছে । মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে অসম চৰকাৰ। বজাৰত সকলো বস্তুৰ দাম উৰ্দ্ধমুখী হোৱাৰ বিপৰীতে সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতা হ্ৰাস পাইছে। বজাৰত প্ৰতি কিঃগ্ৰাঃ আলুৰ দাম একে কোবে ৩০ টকাৰ পৰা ৪০ টকা হৈছে। কিঃগ্ৰাঃত ১০ টকাকৈ বৃদ্ধি পাইছে। বিপৰীতে বৰপেটা ৰোডত এজন আলু খেতিয়কে বজাৰত আলুৰ ন্যূনতম দাম নাপাই আত্মহত্যা কৰিবলগীয়া হৈছে। নুৰ মহম্মদ নামৰ এজন কৃষকে ২৫ লক্ষাধিক টকা ঋণ লৈ ৭০ বিঘা মাটিত আলু খেতি কৰিছিল। কৃষকৰ হাতৰ পৰা আলু বনিয়াৰ হাতলৈ যোৱাৰ পাছতে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আলুৰ দাম। ” আজি আম আদমী পাৰ্টিৰ অসম ৰাজ্যিক কাৰ্যালয়ত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি আপ, অসমৰ সভাপতি ডাঃ চৌধুৰীয়ে কয়-” শেহতীয়া ভাৱে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত মাহত ৪.৯ % লৈ বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় মুদ্ৰাস্ফীতিৰ হাৰ। আনহাতে শেহতীয়া তথ্য অনুসৰি দেশৰ ১৩ খন ৰাজ্যত মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও বেছি। অসমত এই হাৰ ৬.১% বৃদ্ধিৰে দ্বিতীয় স্থানত আছে । উৰিষ্যাৰ পাছতে মুদ্ৰাস্ফীতিৰ ক্ষেত্ৰত অসমৰ স্থান। ফলত প্ৰতিদিনেই বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। ” এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে । ইয়াৰ বিপৰীতে দিল্লীৰ চৰকাৰৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সফলতাৰ বিষয়ে উল্লেখ কৰি দলৰ নেতাগৰাকীয়ে কয় যে আম আদমি পাৰ্টীয়ে চৰকাৰ চলোৱা দিল্লীত মুদ্ৰাস্ফীতিৰ হাৰ ২.৩ শতাংশ। লক্ষ্যণীয় ভাৱে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰে বিনামূলীয়াকৈ প্ৰাথমিক শিক্ষা, স্বাস্থ্য সেৱা, মহিলাৰ বাছ সেৱা, বিনামূলীয়া বিদ্যুত আৰু পানী যোগানৰ ব্যৱস্থাৰ বাবেই মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈও নিম্নস্তৰত ৰাখিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত দিল্লী চৰকাৰৰ কল্যাণকামী নীতিৰ পৰা অসম চৰকাৰে শিক্ষা গ্ৰহণ কৰক। ” এনেদৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হোৱা আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ তথা জীৱন দায়িনী ঔষধৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়। সংবাদমেলত দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ সৈতে জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু পুনম গগৈয়েও ৰাজ্যৰ এই জ্বলন্ত বিষয়সমূহৰ ওপৰত বক্তব্য উপস্থাপন কৰে।

Leave A Reply

Your email address will not be published.